ঘোষণা হ’ল পৰীক্ষাৰ তাৰিখ, কেনেকৈ লাভ কৰিব উচ্চ মাধ্যমিক টেট পৰীক্ষাৰ এডমিট, সৱিশেষ…

ঘোষণা হ’ল পৰীক্ষাৰ তাৰিখ, কেনেকৈ লাভ কৰিব উচ্চ মাধ্যমিক টেট পৰীক্ষাৰ এডমিট, সৱিশেষ…

ডিজিটেল ডেস্কঃ অসম উচ্চ মাধ্যমিক টেট পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ ২০২০ৰ যোৱা ৬ জানুৱাৰীৰ পৰা অনলাইনযোগে প্ৰদানৰ ব্যৱস্থা কৰিছে প্ৰাথমিক শিক্ষা বিভাগে। বিভাগটোৱে সদৰি কৰা মতে এই এডমিট কাৰ্ডসমূহ অফিচিয়েল ৱেবচাইট ssa.assam.gov.in.ৰ ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে।

গ্ৰেজুৱেট শিক্ষক, শাস্ত্ৰীয় শিক্ষক আৰু হিন্দী শিক্ষকৰ বাচনিৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব অসম উচ্চ মাধ্যমিক টেট পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে বিভিন্ন বিদ্যালয়ত নিযুক্তি লাভ কৰিব।

কেনেকৈ ডাউনলোড কৰিব পাৰিব এডমিটঃ

ক) প্ৰথমে ssa.assam.gov.inত যাব লাগিব।

খ) তাৰ পিছতে 'Teacher's Eligibility Test (TET)' চেকশ্যনলৈ গৈ 'admit card link'ত ক্লিক কৰিব।

গ) এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দিব লাগিব।

ঘ) তাৰ পিছতে স্ক্ৰীনত ওলাব এডমিট কাৰ্ড।

ঙ) এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in