মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩৫ হাজাৰ টকা অনুদান আগবঢ়ালে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থা (নৱপ্ৰাদেশিকীকৃত), অসমে…

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩৫ হাজাৰ টকা অনুদান আগবঢ়ালে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থা (নৱপ্ৰাদেশিকীকৃত), অসমে…

ডিজিটেল ডেস্কঃ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থা (নৱপ্ৰাদেশিকীকৃত), অসম আৰু অৱসৰী-কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰী সমন্বয় সমিতিৰ এটা সজাতি দলে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। শনিবাৰে নিশা ৮.২০ বজাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে এই সজাতি দলটোৱে।

এই সাক্ষাৎকালত সংস্থাৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু এখন অভিনন্দন পত্ৰ প্ৰদান কৰা হয় মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নগদ ৩৫ হাজাৰ টকাৰ অনুদান আগবঢ়াই অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থা, অসম আৰু অৱসৰী-কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰী সমন্বয় সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in