কৃষকৰ মুৰত ৰাম টাঙোন: ৰাজ্যত কোনে চলাইছে ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেট

কৃষকৰ মুৰত ৰাম টাঙোন: ৰাজ্যত কোনে চলাইছে ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেট

ডিজিটেল সংবাদ মৰিয়নিঃ কৃষকৰ মুৰত ৰাম টাঙুন শোধাই মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত চলি আছে ৰাসায়নিক সাৰৰ এক বৃহৎ চিণ্ডিকেট। যাৰ ফলত বৰ্তমান কৃষকে দুগুণ-তিনিগুন দামত ক্ৰয় কৰিবলগীয়া হৈছে ৰাসায়নিক সাৰ। উল্লেখ্য যে, ২০১৮ চনৰ পৰা ৰাসায়নিক সাৰৰ বজাৰ খনত চিণ্ডিকেট চক্ৰ সোমাই পৰা বুলি অভিযোগ উত্থাপন হোৱা লগতে ইয়াৰ আঁৰত এক শক্তিশালী চক্ৰ জড়িত হৈ আছে।

ৰাসায়নিক সাৰৰ বজাৰত চিণ্ডিকেট ৰাজ চলি অহা বাবে কৃষকে নিদিষ্ট মূল্যতকৈ তিনিগুন মূল্যত কিনিব লগীয়া হয় ৰাসায়নিক সাৰ। ২৬৬ টকাৰ এবেগ ইউৰিয়াৰ মূল্য কৃষকে বজাৰৰ পৰা ক্ৰয় কৰে ৪০০ টকাৰ পৰা ৫৫০ টকাৰ দৰত। মাত্ৰ ইউৰিয়াই নহয় এম অ' পি, এচ এচ পি, ডি এ পি আদি সাৰও কৃষকে নিৰ্ধাৰিত দৰতকৈ দুগুন-তিনিগুন দৰত কিনিব লগীয়া হৈছে।

কৃষি বিভাগ,জিলা প্ৰশাসনক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাকে ধৰি বিভিন্ন দল সংগঠনে এই বিষয়ে বাৰম্বাৰ অভিযোগ প্ৰদান কৰিও সুফল পোৱা নাই। যোৰহাট জিলা খনৰ সাৰৰ খুচুৰা ব্যৱসায়ী সকলেও অধিক দৰত চিণ্ডিকেট চক্ৰটোৰ পৰা ক্ৰয় কৰিব লগীয়া হয় ৰাসায়নিক সাৰ।

এজন খুচুৰা ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে সাৰ যোগান ধৰা প্ৰতিষ্ঠানৰ পৰা তেওঁলোকেই এবেগ সাৰৰ M.R.P ২৬৬ টকাৰ বিপৰীতে ৩৭০ টকাৰ পৰা ৪০০ টকাত ক্ৰয় কৰিব লগীয়া হয়। আনহাতে পৰিবহন ব্যয় আছেই। সেইবাবে কৃষকৰ পৰা অধিক মূল্য লবলৈ বাধ্য হয় খুচুৰা ব্যৱসায়ী সকল। এই ক্ষেত্ৰত খুচুৰা ব্যৱসায়ী সকলে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ প্ৰদান কৰিলে সাৰৰ যোগান বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে যোৰহাটৰ সাৰ যোগান ধৰা প্ৰতিষ্ঠান দুটাই।

যোৰহাট জিলাত এই প্ৰতিষ্ঠান দুটাৰ ওপৰতে খুচুৰা ব্যৱসায়ী সকলে সাৰ যোগানৰ বাবে নিৰ্ভৰ কৰিব লগীয়া হয়। ফলত গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে অধিক মূল্য ভৰি হলেও সাৰ ক্ৰয় কৰিবলৈ বাধ্য হয় খুচুৰা ব্যৱসায়ী সকল। সেই বিতৰক প্ৰতিষ্ঠান দুটাৰ ভিতৰত যোৰহাট ফাৰ্টিলাইজাৰেই অন্যতম, যি সমগ্ৰ জিলা খনতে ৰাসায়নিক সাৰৰ যোগান ধৰে।

লক্ষনীয় কথাটো হ'ল যে, খুচুৰা ব্যৱসায়ীক অধিক দৰত সাৰ বিক্ৰী কৰা বিতৰক প্ৰতিষ্ঠান দুটাই ৰছিদত এবেগ সাৰৰ মূল্যৰ প্ৰকৃত দৰ ২৬৬ টকা উল্লেখ কৰা বিপৰীতে বেগৰ সংখ্যা বঢ়াই চালান বনাই দিয়ে। দুবছৰ আগৰ পৰা ৰাসায়নিক সাৰৰ ওপৰত চলা এই চিণ্ডিকেটত কৃষি বিভাগৰ লোক জড়িত থকাৰো অভিযোগ আছে। ৰাসায়নিক সাৰৰ অধিক মূল্যৰ বাবেই খেতিৰ বতৰটো খুচুৰা সাৰ ব্যৱসায়ী সকলে পৰ্যাপ্ত সাৰ যোগান ধৰিব পৰা নাই কৃষকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in