এতিয়াৰে পৰা ৰাজ্যত হ’ব শাক-পাচলি, মাছ-মাংসৰ হ’ম ডেলিভাৰী

এতিয়াৰে পৰা ৰাজ্যত হ’ব শাক-পাচলি, মাছ-মাংসৰ হ’ম ডেলিভাৰী

ডিজিটেল সংবাদ, যোৰহাটঃ অসম চৰকাৰৰ পদক্ষেপ। শুকুৰবাৰৰে পৰা ৰাজ্যত শাক- পাচলি, মাছ- মাংসৰ হ'ম ডেলিভাৰী হ'ব। যোৰহাটত সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য কেতিয়াও ভবা নাছিলো আজিৰ দৰে পৰিবেশ হ'ব বুলি। আজিৰ দিনটোত সকলো নিয়ম উলংঘন কৰা হৈছে। সেয়ে এই সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে গেলামালৰ সামগ্ৰী নিৰ্দিষ্ট দুৰত্ব বৰ্তাই ৰাখি ক্ৰয় কৰিব পাৰিব। ভাৰত চৰকাৰৰ নিৰ্দেশ মানি মানৱীয় উদ্দেশ্যৰে পদক্ষেপ লোৱা হৈছিল যদিও ৰাইজৰ এনে সমাৱেশে আমাক যিকোনো বিপদলৈ ঠেলি দিব। সামাজিক দুৰত্বৰ বাদে গত্যন্তৰ নাই।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কোৰোনাৰ ঔষধ আৱিস্কাৰ হোৱা নাই। সেয়ে সংক্ৰমণৰ পৰা বাচিবলৈ নিজৰ স্বাৰ্থত -পৰিয়ালৰ- দেশৰ স্বাৰ্থত বিবেচনা কৰক। হাতজোৰ কৰিছো ঘৰৰ ভিতৰত থাকক। জৰুৰী সুবিধাৰ বাবে ৰাজ্য চৰকাৰ আপোনাৰ পদূলিত। জিলা প্ৰশাসন চৰকাৰ সষ্টম হৈ আছে। প্ৰশাসনক যোগাযোগ কৰক। নিৰ্দেশনা মানি চলক। নহ'লে এইখন সমাজক ৰক্ষা কৰিব নোৱাৰিম।আজিৰ দৃশ্য দেখি মৰ্মাহত হৈছো। এয়া দুৰ্ভাগ্যজনক-বিপদজনক। এনে সমাৱেশে বিপদলৈ ঠেলি দিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, অনুধাৱন কৰক, এয়া লৰা ধেমালি নহয়। কেৱল মাত্ৰ ২১ দিন। ঘৰৰ ভিতৰত শৃংখলাবদ্ধভাৱে থাকক। বাৰম্বাৰ প্ৰচাৰ মাধ্যমে বা চৰকাৰীভাবে প্ৰচেষ্টা চলোৱা হৈছে। যিকোনো ধৰণে ক্ষতি কৰিব পাৰে। বিচাৰিলে ঘৰত দিয়াৰ ব্যৱস্থাৰ বাবে হ'ম ডেলিভাৰী হ'ব। নিয়ম উলংঘন হ'লে বৃহত্তৰ স্বাৰ্থত চৰকাৰ অধিক কঠোৰ হ'ব। বেয়া নাপাব। আমাৰ মণিটৰিঙ চেল, ডিচি অফিচ, চিফ চেক্ৰেটৰী, ডিজিপি কাৰ্যালয়ত যোগাযোগ কৰক। ঘৰতে থাকক ঘৰত যোগান ধৰা হ'ব। সমাজ ৰক্ষা কৰিব লাগিব। যিকোনো ক্ষতি কৰিব।ইউৰোপৰ দেশ, চীনৰ পৰিবেশ আপোনালোকে দেখিছে। সময়ত উপলব্ধি কৰক। ২১ দিন নিজ পৰিয়াল, সমাজ তথা দেশৰ বাবে ঘৰতে থাকক। এজনে আনজনৰ পৰা দুৰত্বত থাকক। নিষ্ঠাৰে পালন কৰক।মুখ্যমন্ত্ৰী হিচাপে ম্ই কাম কৰি আছো। ২৪ ঘন্টাই কাম কৰিছো আৰু কৰি যাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in