চাকৰি লাগে নেকি? সাজু হওক, এই কেইদিনতে প্ৰকাশ পাব ৬০০০ পদৰ বিজ্ঞাপন, মে’ৰ ভিতৰত নিযুক্তি দিব ১ লাখ

চাকৰি লাগে নেকি? সাজু হওক, এই কেইদিনতে প্ৰকাশ পাব ৬০০০ পদৰ বিজ্ঞাপন, মে’ৰ ভিতৰত নিযুক্তি দিব ১ লাখ

ডিজিটেল ডেস্কঃ নিবনুৱা যুৱক যুৱতীৰ বাবে ভালখবৰ। অসম আৰক্ষীত শীঘ্ৰে নিযুক্তি দিয়া হ'ব কেইবাহাজাৰ নিযুক্তি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে এটা সপ্তাহৰ ভিতৰত ৰাজ্যত ৫টা নতুন কামাণ্ডো বেটেেলিয়ন গঠন আৰু ৬ হাজাৰ জোৱান নিয়োগ সংক্ৰান্তীয় বিজ্ঞাপন প্ৰকাশ পাব।

বঙাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত এই সম্পৰ্কত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হব। ইয়াৰ পাছতে প্ৰকাশ পাব নিযুক্তি সম্পৰ্কে বিজ্ঞাপন। আনহাতে আগন্তুক ১০ মে'ৰ ভিতৰত ৰাজ্যত ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। এই বিষয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

ড০ শৰ্মাই উল্লেখ কৰা অনুসৰি অসম আৰক্ষীত আছে ১৬ হাজাৰ পদ। প্ৰতিখন জিলাত এই ১৬ হাজাৰ পদ পূৰ্ণৰ বাবে বাচনি প্ৰক্ৰিয়া চলি আছে। কিন্তু মে' মাহৰ পূৰ্বে ১২ হাজাৰৰ পৰা ১৩ হাজাৰ নিযুক্তিহে সম্পূ্ৰ্ণ হ'ব। তেওঁ ইয়াৰ উপৰিও আৰক্ষী বিভাগত খালী হৈ থকা উপ-পৰিদৰ্শকৰ পদ পূৰণ কৰাৰো ঘোষণা কৰিছে। সম্প্ৰতি প্ৰশিক্ষণৰ অৱস্থাত থকা ৬০০ গৰাকী আৰক্ষী উপ-পৰিদৰ্শকে ৬ মাহৰ পিছতে কৰ্তব্যত যোগদান কৰিব।

ইফালে বিভিন্ন সময়ত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত নিহত হোৱা ৭০ গৰাকী আৰক্ষীৰ পৰিয়ালৰ এজনকৈ সদস্যক আৰক্ষীত নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আগবাঢ়ি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in