অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ…

অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ…

ডিজিটেল ডেস্কঃ ২৪ জানুৱাৰীত অসম চৰকাৰে প্ৰদান কৰিব অসম সৌৰভ বঁটা। সেই অনুসৰি অসম চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ দিবলৈ বৃহস্পতিবাৰে নিশা লাভলীনা বৰগোহাঁইৰ বাসগৃহত উপস্থিত হ'লগৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। অসম চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা 'অসম সৌৰভ বঁটা' এইবাৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ'ব।

সেয়েহে অসম চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰিবলৈ গোলাঘাটৰ বাৰমুখীয়া গাঁৱত থকা লাভলীনাৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এখন নিমন্ত্ৰণী পত্ৰলৈ আহিছো। ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ' অসম সৌৰভ বঁটা'ৰ বাবে এইবাৰ লাভলীনা বৰগোহাঁইক চৰকাৰে নিৰ্বাচন কৰিছে। আৰু এই সন্মান চৰকাৰে গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত অহা ২৪ জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰিব।

আনহাতে এই বঁটাৰ বাবে লাভলীনাৰ নাম মনোনীত কৰাৰ বাবে লাভলীনাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। লাভলীনাই পুনৰবাৰ আগন্তুক সময়ত দেশ তথা ৰাজ্যৰ নাম বিশ্বত জিলিকাই তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ কথাও উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in