৪৬ জাতীয়তাবাদী সংগঠনৰ অসম বন্ধক লৈ হঠাৎ কঠোৰ সোণোৱাল চৰকাৰ

৪৬ জাতীয়তাবাদী সংগঠনৰ অসম বন্ধক লৈ হঠাৎ কঠোৰ সোণোৱাল চৰকাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ কেন্দ্ৰৰ শ্ৰুতলিপি অনুযায়ী হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে তৎপৰ হৈ পৰিছে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰখন৷ এই ক্ষেত্ৰত বাধা হৈ উঠা জাতীয়তাবাদী দল-সংগঠনসমূহ যাতে অধিক শক্তিশালী হৈ উঠিব নোৱাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰিবলৈ উঠি-পৰি লাগিছে চৰকাৰখন৷

অসমবাসীক দেখুৱাই জাতিটোৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো কাম নকৰে বুলি কৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে শেহতীয়াকৈ বন্ধ বিৰোধী স্থিতি গ্ৰহণৰ সুযোগ লৈ জাতীয়তাবাদী দল-সংগঠনসমূহক ভয় খুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এই অনুযায়ী অহা ২৩ অক্টোবৰত ৰাজ্যখনৰ ৪৬টাকৈ দল-সংগঠনে আহ্বান জনোৱা বন্ধ বিফল কৰিবলৈ কঠোৰ নিষেধাজ্ঞা জাৰি কৰি সকলো জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে চৰকাৰে৷

এই নিৰ্দেশনাত বন্ধৰ দিনা কাৰ্যালয়ত অনুপস্থিত থাকিলে উক্ত কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিলে ট্ৰেড লাইচেঞ্চ বাতিল কৰা হ'ব বুলিও উল্লেখ আছে নিৰ্দেশনাত৷ ব্যৱসায়ীসকলে যাতে বন্ধৰ দিনটোত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ নাৰাখে তাৰ বাবে ব্যৱসায়ীসকলক আগতীয়াকৈ অৱগত কৰিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নিৰ্দেশ দিছে।

বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়-উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দি চৰকাৰৰ শীৰ্ষ সূত্ৰই সেইদিনা বন্ধৰ সমৰ্থনত ওলাই অহা লোকক লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব বুলিও সদৰী কৰিছে। বন্ধৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ মূল্য বন্ধ দিয়া সংগঠনৰ পৰা আদায় কৰা হ'ব বুলি উল্লেখ কৰি ৰাজহুৱা যাতায়াত ব্যৱস্থাত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰাৰ কথাও জনাইছে সুত্ৰটোৱে।

ইফালে, চৰকাৰৰ এই নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভিন্ন দল-সংগঠনে। বন্ধৰ আহ্বান জনোৱা কেবাটাও সংগঠনৰ বৰমূৰীয়াসকলে এয়া চৰকাৰৰ আক্ৰোশমূলক নীতি বুলি সমালোচনা কৰি কয় যে অইন বন্ধবোৰত কঠোৰ নোহোৱা চৰকাৰে ইয়াৰ জৰিয়তে নিজৰ দুমুখীয়া চৰিত্ৰ উদঙাই দিছে।

উল্লেখ্য যে, অহা ১৭ নৱেম্বৰত হিন্দু বাংলাদেশীক সংস্থাপনৰ দাবীৰে খানাপাৰাত সমাৱেশৰ আয়োজন কৰিছে ২৬টা বঙালী সংগঠনে। এই সমাৱেশ বন্ধৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ লগতে জেপিচিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত চুড়ান্ত অনুমোদন বন্ধ কৰা, বিধেয়কখনৰ সন্দৰ্ভত আকৌ শুনানি গ্ৰহণৰ ব্যৱস্থা কৰা আৰু সৰ্বশেষত বিধেয়কখন বাতিলৰ দাবীত ২৩ অক্টোবৰত এই বন্ধৰ আহ্বান জনাইছিল জাতীয়তাবাদী সংগঠনকেইটাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in