ঢোল-পেঁপা বাজিব, বিহুও পাতিব কিন্তু এইবোৰ নিয়ম মানিবও লাগিব…

ঢোল-পেঁপা বাজিব, বিহুও পাতিব কিন্তু এইবোৰ নিয়ম মানিবও লাগিব…

ডিজিটেল ডেস্কঃ সমূহত মাত্ৰ কেইটামান দিন। হেপাঁহৰ ৰঙালী পদূলি মুখত। কোৰোনাকালীন পৰিস্থিতিৰ বাবে অসমবাসীয়ে ২০২০ চনত বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলে। এইবেলিও সকলোৱে আগ্ৰেহেৰে বাট চাই আছিল হেঁপাহৰ ৰঙালীক আদৰিবলৈ। কিন্তু কোৰোনাই ভেটিলে বাট, এইবাৰো বিহু উদযাপনৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা।

উল্লেখ্য যে, বৃহস্পতিবাৰে স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰিছিল। সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ বিহু উদযাপনৰ কৰিব পাৰিব। কিন্তু বিহু উদযাপনৰ ক্ষেত্ৰত এখন বিশেষ এছঅ'পি প্ৰস্তুত কৰা হ'ব।

সেই মৰ্মে শুকুৰবাৰে অসম চৰকাৰে বিহু উদযাপনৰ ক্ষেত্ৰত এখন বিশেষ গাইডলাইন প্ৰস্তুত কৰে। যিখন গাইডলাইন পালন কৰাটো সকলোৰে বাবে প্ৰয়োজন যদিও এনে এখন গাইডলাইনক অনুসৰণ কৰি বিহুৰ অনুষ্ঠান উদযাপন কৰাটো কিমান দূৰ সমীচিন হ'ব সেয়া সময়েহে ক'ব।

গাইডলাইনত কোৱা হৈছে–

  • বিহু অনুষ্ঠান আয়োজন কৰিবলৈ হ'লে আয়োজক সমিতিয়ে জিলা প্ৰশাসনৰ অনুমোদন ল'ব লাগিব।
  • নিশা ১১ বজাত অনুষ্ঠান সমাপ্ত কৰাটো বাধ্যতামূলক।
  • আয়োজক আৰু স্বেচ্ছাসেৱক উভয়ে অনুষ্ঠানৰ ৩ দিন পূৰ্বে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক।
  • কোভিড টেষ্ট কৰাৰ বাবে চৰকাৰী-ব্যক্তিগত কেন্দ্ৰৰ সুবিধা থাকিব।
  • অনুষ্ঠানস্থলী চাৰিওফালে খোলা থাকিব লাগিব।
  • সকলোৱে সামাজিক আৰু শাৰীৰিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।
  • প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে ভালেইকেইখন দ্বাৰ থাকিব লাগিব।
  • অনুষ্ঠানৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণকাৰী আৰু দৰ্শকক থাৰ্মেল স্কেনাৰেৰে তাপমাত্ৰা নিৰীক্ষণ কৰিহে অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিবলৈ অনুমতি দিব লাগিব।
  • বহা আসনৰ দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক।
  • অনুষ্ঠানস্থলীত সহজে সহায় পোৱাকৈ স্বেচ্ছাসেৱক নিয়োজিত হৈ থাকিব লাগিব।
  • আয়োজক, স্বেচ্ছাসেৱকসকলে সকলো সময়তে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তুত থাকিব লাগিব।
  • অনুষ্ঠানস্থলী দিনত দুবাৰ চেনিটাইজেশ্বন কৰিব লাগিব।
  • আয়োজক, স্বেচ্ছাসেৱক, দৰ্শক সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক।
  • প্ৰৱেশ দ্বাৰত সকলোৱে হাত চেনিচাইজেশ্বন কৰিব লাগিব।
  • প্ৰিন্ট, ইলেক্টনিক আৰু সামজিক মাধ্যমৰ লগত জড়িত সকলো লোকে মাস্ক পিন্ধাৰ লগতে কোভিডৰ প্ৰয়োজনীয় নিয়মসমূহ পালন কৰিব লাগিব।
  • আয়োজক সমিতিৰ সদস্যসকলে অনুষ্ঠানস্থলীত জনসাধাৰণক টিকাকৰণ কৰাৰ প্ৰতি উৎসাহ জনোৱা আৰু প্ৰয়োজনীয় আচৰণ বিধি অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা কথাৰে বেনাৰ তথা পোষ্টাৰ লগাব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in