কোৰোনাৰ সমান্তৰলাকৈ ৰাজ্যত বানৰ বিভিষীকা, বৰ্তমানলৈকে ৪২ জনৰ প্ৰাণ হানি…

কোৰোনাৰ সমান্তৰলাকৈ ৰাজ্যত বানৰ বিভিষীকা, বৰ্তমানলৈকে ৪২ জনৰ প্ৰাণ হানি…

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনাৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া বানৰ আতংক। ৰাজ্যবাসীয়ে মহামাৰী কোৰোনাৰ সমান্তৰালকৈ বানপানীৰ লগতো যুঁজ দিব লগা হৈছে।প্ৰায় এপষেক ধৰি ৰাজ্যজুৰি হোৱা প্ৰবল বৰষুণৰ ফলত উফন্দি অসমৰ প্ৰতিখন নৈ-উপনৈ। বিশেষকৈ বৰাক, ব্ৰহ্মপুত্ৰ, কপিলী, ধনশিৰিৰ লগতে প্ৰতিখন নৈ উপনৈয়ে কালৰূপ ধাৰণ কৰিছে।


নৈৰ কোবাল সোঁতত নিমিষতে নৈৰ বুকুত জাহ গৈছে কেইবাটাও মথাউৰি। প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল। ঠায়ে ঠায়ে গৰাখহনীয়াইও ধাৰণ কৰিছে কালৰূপ। ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি এই মুহুৰ্তলৈকে ৰাজ্যৰ ২০ খন জিলাৰ প্ৰায় ৬ লাখ ১ হাজাৰ ৪৫৬ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। ৪৯ টা ৰাজহচক্ৰৰ অন্তৰ্গত ১ হাজাৰ ১০৯থন গাওঁ বানপানীৰ কবলত পৰাৰ বিপৰীতে ৯২ টা ৰিলিফ কেম্পত প্ৰায় ৮,৪৭৪জন লোক আছে।

চৰকাৰী সূত্ৰটোত প্ৰকাশ পোৱা অনুসৰি এই মুহুৰ্তলৈকে ৪২ জন লোকে প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুৱাইছে। সমান্তৰালভাৱে ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ হেক্টৰ কৃষিভূমি বানে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাৰ লগতে লখিমপুৰ, ধেমাজী আদি প্ৰায় সম্পুৰ্ণ ৰূপে বানত বুৰ গৈছ।

শেহতীয়াকৈ বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ প্ৰায় ৮০ শতাংশ এতিয়া বানৰ কবলত। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাও বানৰ তলত। যাৰ ফলত বিঘ্নিত হৈছে যাতায়ত ব্যৱস্থা।

বন্য জীৱজন্তুৰ সমান্তৰালকৈ ঘৰচীয়া জীৱকূলৰ ওপৰটো পৰিছে বানৰ প্ৰভাৱ। চৰকাৰী তথ্য অনুসৰি এই মুহুৰ্তলৈকে প্ৰায় দুই লাখ ঘৰচীয়া জীৱ বানত আক্ৰান্ত হৈছে।ভাৰতৰ বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে আগন্তুক ৪৮ ঘন্টালৈকে ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত ৰূপত থাকিব। যাৰ বাবে সষ্টম হৈ পৰিছে এন ডি আৰ এফ, আৰু এছ ডি আৰু এফ বাহিনী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in