বানত উটিল কিতাপ-বহী, কেনেকৈ পঢ়িম আমি?

বানত উটিল কিতাপ-বহী, কেনেকৈ পঢ়িম আমি?

মৃদুল কুমাৰ সন্দিকৈ

বানপানী শুকাই যাব। কিন্তু তেওঁলোকৰ কি হ'ব? বানপানীত দিয়া চাউল, দাইলে তেওঁলোকৰ অভাৱ পূৰণ কৰিব নোৱাৰিব। যিমান ধন দিলেও সেই অভাৱ পূৰণ নহয়। গুৱাহাটীৰ উপকণ্ঠ চন্দ্ৰপুৰৰ পথেৰে বানত আক্ৰান্ত পৰিয়ালৰ খবৰ ল'বলৈ যাওতে কেইটামান দৃশ্যই মনত বাৰুকৈ খুন্দিয়াইছিল।

পথৰ ওপৰত এনেদৰে মেলি থৈছিল কিতাপ…!

ৰাস্তাৰ ওপৰত প্ৰথমে এই দৃশ্য দেখি ৰৈ গৈছিলো। এটা অস্থায়ী তিৰ্পালৰ ঘৰ। পলিথিনৰ তিৰ্পালেৰে সজা ঘৰটোৰ সমীপতে পথৰ ওপৰত মেলি থৈছিল এনে অলেখ কিতাপ। এবোজা ঘাঁহ লৈ সেই স্থানত আহি উপস্থিত হোৱা ব্যক্তিজনক সুধিছিলো- এইবোৰ আপোনালোকৰে নে?

মানুহজনে উত্তৰ দিছিল হয় বুলি। নৱম শ্ৰেণীত পঢ়ি থকা ল'ৰাটোৰ কিতাপ এইবোৰ। আক্ষেপেৰে তেওঁ কৈছিল- 'পানীয়ে আন বস্তু নষ্ট কৰাৰ লগতে ইয়াৰ কিতাপবোৰো শেষ কৰি পেলালে।' ল'ৰাটো সেই সময়ত তাত নাছিল। দেউতাকৰ মনৰ আক্ষেপখিনিৰ পৰা বুজি উঠিলোঁ এয়া কিমান যন্ত্ৰণাদায়ক!

বহি-কিতাপবোৰ লুটিয়াই চালোঁ। খিলা খিলাকৈ পাত এৰিছে কিতাপবোৰৰ। বহীবোৰৰ চিঞাঁহী বিয়পি গৈছে। সেইবোৰ ব্যৱহাৰৰ উপযোগী হ'ব বুলি আৰু ক'ব নোৱাৰি।

আৰু এঠাইত একেই দৃশ্য!

আগবাঢ়ি গ'লো পথটোৰে। কিছু দূৰ গৈয়েই পুনৰ একেই দৃশ্য। আন এজন ছাত্ৰৰ কিতাপ পত্ৰ এনেদৰে মেলি থোৱা আছে ৰাস্তাৰ কাষত। একেই অৱস্থা সেই কিতাপবোৰৰো। বায়েকে কিতাপবোৰ ৰ'দত লৰাই দিছে। বৰষুণৰ পাছত এতিয়া ৰ'দ। সেই ৰ'দতে শুকোৱাৰ চেষ্টা কৰিছে এই কিতাপবোৰ…।

বায়েকৰ মতে, আন বস্তুৰ লগতে এইবাৰ বানত ভায়েকৰ কিতাপবোৰো নষ্ট হ'ল। পানী শুকোৱাৰ পাছত পঢ়িবলৈ যাতে অসুবিধা নহয়, সেয়েহে যিমান পাৰে কিতাপবোৰ ৰ'দত শুকোৱাৰ চেষ্টা কৰিছে। এইবোৰ দৃশ্য হয়তো সাধাৰণ দৃশ্য বুলি বহুতে আওকান কৰিব। পানী চাবলৈ যোৱা মানুহবোৰে সেই সময়ত সেই স্থানত চেলফী উঠাত ব্যস্ত। তেনে কেইবাজনো লোকক সেই ঠাইত দেখিলো। গুৱাহাটীৰ পৰা সেই স্থানত পানী যাবলৈ যোৱা অভিজাত লোক তেওঁলোক।

ৰাজপথেই এতিয়া সকলো…

তাৰ কিছু নিলগত আন এটা পৰিয়াল। তেতিয়া আবেলিৰ সময়। থাল এখনত কিছু খাদ্য লৈ খোৱাৰ প্ৰস্তুতি এগৰাকী মহিলাৰ। কোনোমতে তেওঁলোকে ৰাজপথত আশ্ৰয় লৈছে। তেওঁলোকৰ সেই আশ্ৰয়স্থলৰ কাষতে আকৌ সেই একেই দৃশ্য।

এটা পলিথিন মেলি কিছু কিতাপ মেলি থোৱা আছে। সম্ভৱ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। তেওঁৰ অংকৰ বহীখন পানীত প্ৰায় নষ্ট হৈছে। সেই বহীখনৰ কাষতে কিছু কিতাপ-পত্ৰ।

পানীত ভিজা অংকৰ বহী শুকুৱাইছে এনেদৰে।

প্ৰায় প্ৰতিটো পৰিয়ালৰ আশ্ৰয়স্থলৰ সমীপত এই দৃশ্য দেখা পালো। তাৰ মাজতে কিছু ব্যতিক্ৰম দৃশ্য। বানপানী থকাৰ সময়ত যথেষ্ট অসুবিধা হয়। খাদ্য, বাসস্থল, বেমাৰ-আজাৰ, যোগাযোগ ব্যাহত এই সমস্যাবোৰ প্ৰায়ে থাকে। কিন্তু তাৰ সমান্তৰালভাৱে বানাক্ৰান্ত অঞ্চলসমূহত এনেদৰে ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট হোৱাটো এক গুৰুতৰ সমস্যা।

কিতাপৰ সৈতে কোনো ছাত্ৰই লাভ কৰা ট্ৰফীবোৰো এনেদৰে শুকুৱাইছে ৰ'দত…

এইবাৰ আন এক দৃশ্য চকুত পৰিল। অংকুৰণ শ্ৰেণীত পঢ়া এজন ছাত্ৰৰ কিতাপ পত্ৰ নীলা পলিথিন এটা মেলি ৰ'দত দিয়া আছে। তাৰ মাজতে এটা পাত্ৰত কেইটামান ট্ৰফী। সম্ভৱ সেই মেধাৱী ছাত্ৰজনে লাভ কৰা ট্ৰফী এইবোৰ। পানীত এইবোৰ ডুব যোৱাৰ পাছত তুলি আনি এনেদৰে শুকুৱাইছে।

নীলা পলিথিনটোৰ ওপৰত গছৰ শুকান পাত। পানীত ভিজা কিতাপবোৰ ফাটি-চিটি গৈছে। পাত্ৰত থোৱা ট্ৰফীবোৰ শুকাইছে। কিন্তু নষ্ট হোৱা কিতাপবোৰ শুকালেও ব্যৱহাৰৰ যে উপযোগী হৈ উঠিব সেই সম্ভাৱনা নাই।

ৰাজ্যত বানত আক্ৰান্ত অঞ্চল সমূহত ছাত্ৰ-ছাত্ৰীসকলৰো যথেষ্ট ক্ষয়-ক্ষতি হৈছে। এই সময়ছোৱাত স্কুল-কলেজ বন্ধ আছে। গৰম বন্ধৰ দিন। গৰম বন্ধৰ পাছতেই কেইটামান দিনৰ পাছত হ'ব বছেৰেকীয়া পৰীক্ষা। সেই পৰীক্ষাৰ বাবে প্ৰস্তুত হ'বলৈ বানাক্ৰান্ত অঞ্চলসমূহত এনেদৰে পাঠ্যপুথি বা কিতাপ পত্ৰ নষ্ট হোৱা ছাত্ৰ-ছাত্ৰীসকলেও ভয়ানক সমস্যাৰ সন্মুখীন হ'ব।

বানপানী আহিল, বানপানী গুছি যাব। কিন্তু এই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত বানপানীয়ে যেন ধুই লৈ গ'ল। এটা ৰাজপথত দেখা এই দৃশ্যই সমগ্ৰ ৰাজ্যখনত ছাত্ৰ-ছাত্ৰীসকলৰ কি অৱস্থা হ'ব পাৰে তাক প্ৰতিফলিত কৰে।

বান সাহায্য চৰকাৰে, ব্যক্তিগত অনুষ্ঠান, দল-সংগঠনে দিছে। সেয়া ভাল কথা। কিন্তু তাৰ মাজতে এইবোৰ কথাও আমি ভাবিবলগীয়া। বানত প্লাৱিত অঞ্চলসমূহত যি সকল ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট হ'ল, সেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিমান পাৰি সোনকালে পুনৰ কিতাপ পত্ৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।

এই দৃশ্য দেখা পাই কিতাপ মেলি থাকোতে ৰৈ থকা এজন ছাত্ৰক সুধিছিলো- কি হ'ব এতিয়া? সকলো কিতাপ পানীত দেখোন নষ্ট হৈ গ'ল! গৰম বন্ধ খোলাৰ পাছত বছেৰেকীয়া পৰীক্ষা এতিয়া কেনেকৈ দিবা?

৮ বছৰীয়া ল'ৰাটোৱে হাঁহি হাঁহি কৈছিল- 'কি বা হয়…!' সেই ছাত্ৰজনে হয়তো বুজি পোৱা নাই। কিন্তু তেওঁৰ বাবে বানপানী শুকোৱাৰ পাছত নতুনকৈ কিতাপ নাপালে পৰীক্ষা দিয়াটো সম্ভৱ হ'ব জানো? ৰাজ্যৰ শিক্ষা বিভাগে, মুখ্যমন্ত্ৰীয়ে কথাবোৰ গুৰুত্বসহকাৰে বিবেচনা কৰক।

পানীত উৱলি যোৱা কিতাপ-বহীৰে গৰম বন্ধৰ পিছত কেনেকৈ পৰীক্ষাত বহিত ছাত্ৰ-ছাত্ৰী…

সমগ্ৰ ৰাজ্যত অতি কমেও ১ লাখমান ছাত্ৰ-ছাত্ৰীৰ বানপানীৰ সময়ত কিতাপ পত্ৰ নষ্ট হৈছে। যি সকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিনামূলীয়া কিতাপ পত্ৰ লাভ কৰে, তেওঁলোকক চৰকাৰে পুনৰ সেই কিতাপ পত্ৰ যোগান ধৰিব লাগে আৰু আন সকলৰ বাবে সেই কিতাপ পত্ৰ ক্ৰয়ৰ ব্যৱস্থা কৰি দিব লাগে।

এই দিশটোৰ প্ৰতি বৰ বিশেষ গুৰুত্ব দিয়া নহয়। প্ৰতি বছৰে বানপানীত সৰ্বহাৰা হৈ বহু ছাত্ৰ-ছাত্ৰীয়ে গ্ৰাম্য অঞ্চলত শিক্ষা জীৱন সামৰাৰ উদাহৰণ আছে। পানীত কিতাপ পত্ৰ উটি গ'ল বাবেই স্কুলত আৰু নগ'লো বুলি যাতে কোনো ছাত্ৰই ক'ব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনেও দৃষ্টি দিব লাগে।

বানপানীৰ পাছত বানাক্ৰান্ত অঞ্চল সমূহত জৰীপ চলোৱা হয়। ঘৰ-দুৱাৰ, পশুধন, অন্যান্য কি সা-সামগ্ৰী নষ্ট হ'ল, তাৰ হিচাপ লোৱা হয়। তাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলৰো তথ্য সেই জৰীপৰ জৰিয়তে কৰি তেওঁলোকক কিতাপ পত্ৰ প্ৰদানৰ কথা চৰকাৰে পৰিকল্পিতভাৱে ভৱাৰ লগতে আন দল-সংগঠনেও এই ক্ষেত্ৰত সহযোগ কৰা উচিত।

এজন ছাত্ৰৰ ভৱিষ্যত বানপানীত যাতে শেষ হৈ যাব নোৱাৰে, তাৰ প্ৰতি সকলো সচেতন হোৱা উচিত। ৰাস্তাত মেলি থোৱা এই ভিজা কিতাপবোৰ দেখি চৰকাৰে, দল-সংগঠনে অনুভৱ কৰক- বানপানীয়ে আন সা-সামগ্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতত কেনেদৰে প্ৰভাৱ পেলায়। কিতাপ পত্ৰ নহ'লে তেওঁলোকে পঢ়িব ক'ৰ পৰা?

এইবোৰ কামত বৰ বেছি ধন ব্যয় নহয়। কিন্তু ইয়াৰ বাবে লাগিব আন্তৰিকতা আৰু সুপৰিকল্পনা। চৰকাৰে নিশ্চয় বান সাহায্যৰ লগতে এইবাৰ এইবোৰ দিশো চিন্তা কৰিব। নহ'লে এই দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীসকলে বছেৰেকীয়া পৰীক্ষাৰ আগতে ক'বলৈ বাধ্য হ'ব- 'বানত উটি গ'ল কিতাপ বহী, কেনেকৈ বিদ্যালয়লৈ যাম আমি?'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in