ৰাজ্যত চৌদিশে বান! পানীৰ তলত ২১ খন জিলা, ৬ জনৰ মৃত্যু এতিয়ালৈকে…

ৰাজ্যত চৌদিশে বান! পানীৰ তলত ২১ খন জিলা, ৬ জনৰ মৃত্যু এতিয়ালৈকে…

ডিজেটেল ডেস্কঃ অসমত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ উজনি আৰু নামনিৰ প্ৰায় আটাইকেইখন জিলাই কম বেছি পৰিমাণে বানৰ কবলত পৰাত মুঠ ৮ লাখতকৈও অধিক লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ইফালে সংহাৰী বানৰ কবলত পৰি ক্ষতিগ্ৰস্থ হৈছে ৰাজ্যখনৰ ২৭ হাজাৰ হেক্টৰতকৈও অধিক কৃষিভূমি।

উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ ৰাজখ্যনৰ মুঠ ২৭ খন জিলাৰ ২১ খনেই বানৰ কবলত পৰিছে। যাৰ ফলত জিলা কেইখনৰ ৮ লক্ষাধিক লোকৰ ঘৰ-বাৰী, খেতিপথাৰ প্লাৱিত হৈছে। ইফালে প্ৰলয়ংকাৰী বানৰ ফলত ৰাজ্যখনৰ কেইবাটাও অঞ্চলৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰাৰ উপৰিও গৃহহাৰা হৈছে কেইবাশ পৰিয়াল।

ধেমাজি আৰু বৰপেটা জিলাতেই বানে অধিক ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে। জিলা দুখনৰ বিস্তৃত অঞ্চল বানৰ কবলত পৰাত সাহায্যৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে। প্ৰশাসনে ঠায়ে ঠায়ে সাহায্য কেম্প তৈয়াৰ কৰি বান আক্ৰান্ত লোকসকলৰ আশ্ৰয়ৰ ব্যৱস্থা কৰিছে। চৰকাৰী তথ্য অনুসৰি শুকুৰবাৰে ৰাজ্য চৰকাৰে ৭ হাজাৰ বান আক্ৰান্ত লোকক ৬৮টা সাহায্য কেম্পলৈ প্ৰেৰণ কৰিছে।

ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সৃষ্টি হোৱা বানৰ ফলত উদ্যানখনৰ জীৱ-জন্তুক নিৰাপদ স্থানত আশ্ৰয়ৰ প্ৰদানৰ বাবে প্ৰয়াস চলাইছে প্ৰশাসনে। ৰাজ্যখনৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে বান আক্ৰান্ত জিলা সমূহৰ উপায়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ সহায়ত বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।

আনহাতে এনে পৰিস্থিতিত যিকোনো ইমাৰ্জেন্সি কলৰ তাৎক্ষণিক উত্তৰ দিয়াৰ লগতে বান প্ৰভাৱিত অঞ্চলসমূহত সাহায্য ব্যৱস্থা অব্যাহত ৰাখিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in