মেঘালয়ত অসমৰ পিতা-পুত্ৰসহ ৩ ব্যৱসায়ীক অপহৰণ…

মেঘালয়ত অসমৰ পিতা-পুত্ৰসহ ৩ ব্যৱসায়ীক অপহৰণ…
  • চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ দুই পিতা-পুত্ৰসহ তিনি ক্ষুদ্ৰ ব্যৱসায়ীক অপহৰণ।
  • ব্যৱসায়ী ৩ জন মানকাচৰৰ বাসিন্ধা বুলি জানিব পৰা গৈছে।
  • লোক কেইজনৰ নাম ক্ৰমে- ইছমাইল হুছেইন, লামিন হুছেইন আৰু নুৰ আলম।
  • আনহাতে, অপহৃত পিতা-পুত্ৰ দুজন ক্ৰমে ইছমাইল আৰু লামিন।
  • মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ চকপট সপ্তাহিক বজাৰত সংঘটিত হৈছে এই অপহৰণ কাণ্ড।
  • উল্লেখ্য যে, প্ৰতি সপ্তাহত মানকাচৰৰ কেইবাজনো ব্যৱসায়ী সপ্তাহিক বজাৰৰ আগনিশা প্ৰায় ৯ বজাত মানকাচৰৰ পৰা মেঘালয়লৈ ৰাওনা হয়।
  • সোমবাৰে নিশাও প্ৰায় ৯ বজাত এখন যাত্ৰীবাহী নৈশ বাছেৰে গৈছিল মেঘালয়লৈ।
  • চকপট বজাৰ পোৱাৰ পূৰ্বে ১০/১২ জনীয়া গাৰো উগ্ৰপন্থীয়ে বাছ ৰখাই পিতা পুত্ৰ সহ নুৰ আলমক অপহৰণ কৰি নিয়ে।
  • অপহৃত লোক কেইজনৰ সন্ধানত মেঘালয় আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
  • পুৱতি নিশা প্ৰায় ২ বজাত এই অপহৰণ কাণ্ড সংঘটিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in