মৰিয়নিত অসমৰ কৃষকক নগা আৰক্ষীৰ গুলীয়াই মৰাৰ ভাবুকি…

মৰিয়নিত অসমৰ কৃষকক নগা আৰক্ষীৰ গুলীয়াই মৰাৰ ভাবুকি…

ডিজিটেল সংবাদ,মৰিয়নি : অসমৰ ভূমিত নগাৰ অগ্ৰাসনৰ বিৰুদ্ধে মৰিয়নিৰ জাতীয় সংগঠন সমূহৰ লগতে ৰাইজে সৰ্বাত্মক অৱৰোধ কায্যসূচী অব্যাহত ৰখাৰ পাছতো কমা নাই নগাৰ দাদাগিৰি। দিচৈ ভেলি বনাঞ্চলত নগা আৰক্ষীৰ স্থায়ী শিবিৰ নিৰ্মানত বাধা প্ৰদান কৰি অসম আৰক্ষীয়েও বনাঞ্চলখনত অৱস্থান গ্ৰহন কৰি আছে।

ইয়াৰ মাজতে আজি দিচৈ ভেলি নগা আৰক্ষীৰ কেইজন মান জোৱান পাহাৰৰ পৰা নামি আহি বনাঞ্চলৰ কাষত খেতি কৰা অসমৰ কৃষকক খেতি নকৰিবলৈ ভাবুকি প্ৰদান কৰা ঘটনাই কৃষক সকলৰ মাজত ক্ষোভ আৰু আতংকৰ সৃষ্টি কৰিছে।প্ৰতিদিন টাইমৰ সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি দিয়া নগা আৰক্ষীয়ে এইবাৰ লোলোপ দৃষ্টি দিছে অসমৰ কৃষি পথাৰ।

জানিব পৰা মতে দিচৈৰ নগা আৰক্ষী শিবিৰৰ পাচঁ‌জন সশস্থ আৰক্ষী জোৱানে বুধবাৰে পুৱা নাগাজাংকা চাহ বাগিছাৰ সমীপৰ কৃষি ভূমিত কাম কৰি থকা অৱস্থাত নাগাজাংকা বাগিচা শিঙিবিল আৰু বছাগাওঁ‌,বৰতলৰ কেইবাজনো কৃষকক উক্ত স্থানত খেতি নকৰিবলৈ সকিয়াই দিয়ে অন্যথা 
গুৰুত্বৰ পৰিনাম ভুগিব লাগিব বুলি ভাবুকি দি আতৰি যায়।

উল্লেখ্য যে দিচৈ ভেলিত অসম আৰক্ষীয়ে অৱস্থান কৰি থকাৰ সময়ত নগা আৰক্ষীয়ে প্ৰায় ডেৰ কিলোমিটাৰ দুৰত্বতলৈ নামি আহি অসমৰ কৃষকক অসমৰ ভূমিত খেতি নকৰিবলৈ ভাবুকি দিয়া ঘটনাই নগা আৰক্ষীৰ অগ্ৰাসী মনোভাবক স্পষ্টকে উদঙাই দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in