প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোন দলৰ কিমানজন কোটিপতি প্ৰাৰ্থী…

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোন দলৰ কিমানজন কোটিপতি প্ৰাৰ্থী…

ডিজিটেল ডেস্কঃ অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ ২৬৪গৰাকী প্ৰাৰ্থীয়ে। প্ৰতিটো সমষ্টিত গড়ে ৫.৬জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২৭মাৰ্চ ২০২১ত অনুষ্ঠিত হ'ব এই সমষ্টিকেইটাত ভোটগ্ৰহণ। জানো আহক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী তথা নিৰ্বাচন সন্দৰ্ভত কেইটামান উল্লেখযোগ্য তথ্যঃ

৫প্ৰাৰ্থীয়ে জমা দিয়া নাই শপতনামা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায়বোৰ প্ৰাৰ্থীয়ে মনোনয়নৰ সৈতে দাখিল কৰিছে শপতনামা। কিন্তু ২৬৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৫৯জন প্ৰাৰ্থীৰ শপতনামাহে উপলদ্ধ হৈছে নিৰ্বাচন আয়োগৰ ৱেবচাইটত।

যিসকল প্ৰাৰ্থীয়ে শপতনামা দাখিল কৰা নাই তেওঁলোকৰ ভিতৰত আছে, বটদ্ৰৱা সমষ্টিৰ অসম জন মৰ্চাৰ প্ৰাৰ্থী ফকৰুদ্দিন, বিশ্বনাথৰ নিদৰ্লীয় প্ৰাৰ্থী মিলিচৰন বসুমতাৰী, মাহমৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী লুহিত গগৈ, নাওবৈচাত নেচনেল পিপলছ পাৰ্টিৰ বিৰি জয় আৰু ৰূপহীহাটত নিৰ্দলীয় প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী।

কিমান কোটিপতি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১০১জন প্ৰাৰ্থীয়েই হৈছে কোটিপতি। প্ৰতিদ্বন্দ্বিতা কৰা ৩৯শতাংশ প্ৰাৰ্থীৰ আছে কোটি টকাৰো ওপৰৰ সম্পত্তি। ৫কোটিতকৈ অধিক সম্পত্তি থকা প্ৰাৰ্থীৰ সংখ্যা ২৬জন। ২-৫কোটি টকাৰ সম্পত্তি থকা প্ৰাৰ্থীৰ সংখ্যা ২৬জন, ৫০লাখ-২কোটি সম্পত্তি থকা প্ৰাৰ্থীৰ সংখ্যা ৭২গৰাকী, ১০-৫০লাখ টকাৰ সম্পত্তি থকা প্ৰাৰ্থীৰ সংখ্যা ৬০গৰাকী, ১০লাখতকৈ কম সম্পত্তি থকা প্ৰাৰ্থীৰ সংখ্যা ৬৬গৰাকী।

কোন দলত কিমান কোটিপতি প্ৰাৰ্থী

অসম গণ পৰিষদৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা ১০জন প্ৰাৰ্থীৰ ভিতৰত ৯জনেই কোটিপতি। কংগ্ৰেছৰ ৪৩জন প্ৰাৰ্থীৰ ভিতৰত ৩১জনেই কোটিপতি। বিজেপিৰ ৩৯জন প্ৰাৰ্থীৰ ভিতৰত ২৮জনেই কোটিপতি। অসম জাতীয় পৰিষদৰ ৪১জন প্ৰাৰ্থীৰ ভিতৰত ১৫জন কোটিপতি।

এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ গঢ় সম্পত্তি ১.৮৪কোটি। কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ গঢ় সম্পত্তি ৩.৫৪কোটি, জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলৰ গঢ় সম্পত্তি ১.২৩কোটি আৰু বিজেপি প্ৰাৰ্থীসকলৰ গঢ় সম্পত্তি ৩.৬৪কোটি। অসম গণ পৰিষদৰ প্ৰথম পৰ্যায়ৰ ১০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯জনেই কোটিপতি আৰু দলটোৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গঢ় সম্পত্তিৰ পৰিমাণ ৬.৭১কোটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in