সৰুক্ষেত্ৰীত ২০ সহস্ৰাধিক জনতাই বাইক ৰেলীৰে আদৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক…

সৰুক্ষেত্ৰীত ২০ সহস্ৰাধিক জনতাই বাইক ৰেলীৰে আদৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক…

ডিজিটেল সংবাদ ,চেঙাঃ ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ অতিকৈ চৰ্চিত সমষ্টি সৰুক্ষেত্ৰীত দেওবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শক্তি প্ৰদৰ্শন কৰিছে৷ সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক বিপুলভাৱে আদৰণি জনাইছে কংগ্ৰেছৰ নেতা-কৰ্মী-সমৰ্থকে ৷ কংগ্ৰেছৰ সৈতে মহাজোঁটত চামিল হোৱাৰ পিছতো এআইইউডিএফৰ মিনাক্ষী ৰহমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পিছত ক্ৰমাৎ গৰম হৈ পৰা সৰুক্ষেত্ৰী সমষ্টিত দেওবাৰে কংগ্ৰেছে বিশ সহস্ৰাধিক কৰ্মী-সমৰ্থকেৰে বিশাল বাইক ৰেলী কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

গুৱাহাটীৰ পৰা কংগ্ৰেছৰ দলীয় টিকট লৈ সৰুক্ষেত্ৰীত উপস্থিত হোৱা জাকিৰ হুছেইন শিকদাৰক বিপুলভাৱে আদৰণী জনোৱাত সুখী হৈ পৰে প্ৰাৰ্থীগৰাকী। বৰপেটা-নলবাৰী জিলাৰ সীমান্ত তথা সৰুক্ষেত্ৰী সমষ্টিৰ গৰৈমাৰী-মাজদিয়াৰ পৰা কয়াকুছিলৈ মুঠ ৬৪ কিলোমিটাৰ জোৰা এক বিশাল বাইক আৰু চাৰিচকীয়া বাহনৰ ৰেলীৰে আদৰি নিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক ৷ সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে এআইইউডিএফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও এইবাৰৰ নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে৷ সৰুক্ষেত্ৰী সমষ্টিত এই বিশাল জনসমাগমে বিৰোধী দলৰ কথা পাতিবলগীয়া বা চিন্তা কৰিবলগীয়া একো নাই আৰু সৰুক্ষেত্ৰীৰ ৰাইজ কংগ্ৰেছৰ সৈতে আছে আৰু পৰৱৰ্তী দিনতো থাকিব বুলি মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সদায় সৰুক্ষেত্ৰীৰ মাটিত থাকি সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ সেৱা কৰি থাকিবলৈ আশীৰ্বাদ কামনা কৰি অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত প্ৰথম দহটা সমষ্টিৰ ভিতৰত উন্নত সমষ্টি হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে জাকিৰ হুছেইন শিকদাৰে ।

এইবাৰ অসমৰ পৰা বিজেপিক ৰাইজে চিৰবিদায় দিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে। সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ ভেটি সবল বুলি দেওবাৰৰ সমদলে প্ৰতিপন্ন কৰিলে।উল্লেখ্য যে ১৯৮৩ চনৰ পিছত ২০১৬ চনত জাকিৰ হুছেইন শিকদাৰৰ জৰিয়তে সমষ্টিটোত কংগ্ৰেছৰ বিধায়ক নিৰ্বাচিত হৈছে। ২০১৬ চনৰ পিছত প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছৰ দলৰ প্ৰদৰ্শন উন্নতৰ পিনে গতি কৰিছে । ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে মুঠ ৭০,০৬২ ভোট লাভ কৰি জয়ী হৈছিল। সেই নিৰ্বাচনত জাকিৰ হুছেইন শিকদাৰে পোল ভোটৰ ৪৫.০৩ শতাংশ ভোট লাভ কৰিছিল।

অসম গণ পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বৰ্মনে ৪৫,৮১৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। বৰ্মনে পোল ভোটৰ ২৯.৪৬ শতাংশ লাভ কৰিছিল। তৃতীয় স্থান এ আই ইউ ডি এফৰ প্ৰাৰ্থী আলী হুছেইন ১৩.৮০ শতাংশ হিচাপে ২১,৪৬০ টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল।পঞ্চায়ত নিৰ্বাচনতো সৰুক্ষেত্ৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে প্ৰায় ৮০ শতাংশ জয়লাভ কৰে । চাৰিটা জিলা পৰিষদৰ ভিতৰত তিনিটা জিলা পৰিষদ কংগ্ৰেছে দখল কৰে আৰু এটা জিলা পৰিষদ বি জে পিয়ে দখল কৰে। সমষ্টিত থকা দুটা আঞ্চলিক পঞ্চায়তৰ দুয়োটাই কংগ্ৰেছে দখল কৰে। সমষ্টিত থকা ২১টা গাওঁ পঞ্চায়তৰ পঞ্চায়ত সভাপতিৰ ভিতৰত ১২ টাত কংগ্ৰেছ, ৫ টাত বি জে পি আৰু ১ টা পঞ্চায়ত সভাপতি নিৰ্বাচিত হয়। ২১টা আঞ্চলিক সদস্য পদৰ ভিতৰত ১৪ টাত কংগ্ৰেছ,৪ টাত বিজেপি ,২টাত এ জি পি আৰু ১ টাত এ আই ইউ ডি এফ জয়ী হয়।

২১০ টা গাঁও পঞ্চায়ত সদস্যৰ ভিতৰত ১০৮ টাত কংগ্ৰেছ, ৫১ টাত বি জে পি, ১৬ টাত এ জি পি , ৯ টাত এ আই ইউ ডি এফ, ৫ টাত বি পি এফ ,২ টাত চি পি এম, ১ টাত টি এম ছি আৰু ১৮ টাত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। পঞ্চায়তৰ পিছত অনুষ্ঠিত হোৱা লোকসভাৰ নিৰ্বাচনতো কংগ্ৰেছ দলৰ ফলাফল এ আই ইউ ডি এফ তুলনাত যথেষ্ঠ ভাল আছিল। লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে পোল ভোটৰ ৫৩.১৩ শতাংশৰে ৮৯,৪০০ ভোট লাভ কৰে। অসম গণ পৰিষদ আৰু বি জে পিৰ সন্মিলিত প্ৰাৰ্থী কুমাৰ দীপক দাসে পোল ভোটৰ ৩১.৩৪ শতাংশেৰে ৫২,৭৪২ টা ভোট লাভ কৰিছিল। এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে ১২.৪০ শতাংশেৰে ২০,৮৬৬ টা ভোট লাভ কৰিছিল।এইবোৰ তথ্য‌ই প্ৰমাণিত কৰে যে সৰুক্ষেত্ৰী সমষ্টিত সাংগঠনিক ভেটি কংগ্ৰেছৰ সুদৃঢ় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in