১১ মে’ৰ পৰা ৩ টা পৰ্যায়ত গুণোৎসৱঃ শিক্ষামন্ত্ৰীৰ সংবাদ মেল…

১১ মে’ৰ পৰা ৩ টা পৰ্যায়ত গুণোৎসৱঃ শিক্ষামন্ত্ৰীৰ সংবাদ মেল…

ডিজিটেল ডেস্কঃ সন্মুখত গুণোৎসৱ। গুণোৎসৱক লৈ বিতৰ্ক আৰু তাৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল। সোমবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ত আগন্তুক গুণোৎসৱক কেন্দ্ৰ কৰি এক সংবাদ মেল সম্বোধন কৰে। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই গুণোৎসৱ ১১, ২৩ মে'ৰ লগতে ১ জুনত অনুষ্ঠিত হ'ব।

উল্লেখ্যে যে এইবাৰ গুণোৎসৱ হ'ব কিছু ব্যতিক্ৰম। কিয়নো শিক্ষাৰ্থীসকলে যিটো শ্ৰেণীত অধ্যয়ন কৰি আছে সেই শ্ৰেণীৰ মূল্যায়ন কৰা নহ'ব। ইয়াৰ বিপৰীতে শিক্ষাৰ্থীসকলে যিটো শ্ৰেণী উত্তীৰ্ণ হৈ আহিল সেই শ্ৰেণীৰ হে মূল্যায়ন কৰা হ'ব। যাৰ বাবে ইতিমধ্যে বিদ্যালয় এৰি অন্য বিদ্যালয়লৈ ঢাপলি মেলা শিক্ষাৰ্থীকো পুনৰ ঘূৰাই আনিবলগীয়া হ'ব। কিন্তু এইদৰে অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱে শিক্ষাৰ্থীক কিদৰে উপকৃত কৰিব সেইয়া হে লক্ষণীয় হ'ব।

উত্তীৰ্ণ হৈ ওপৰৰ শ্ৰেণীলৈ যোৱা শিক্ষাৰ্থীক এৰি অহা শ্ৰেণীৰ শিক্ষাৰ্থী হিচাপে ধৰি এইবাৰ গুণোৎসৱত মূল্যাংকন কৰি বিদ্যালয়সমূহৰ গ্ৰেড নিৰ্ণয় কৰা হ'ব। কিন্তু এই পদ্ধতি কিমানদূৰ সফল হ'ব সেইয়াহে লক্ষণীয় হ'ব। কিয়নো ইতিমধ্যে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীসকল যে ১০০ শতাংশই বিদ্যালয়ত আহি উপস্থিত হ'ব সেইয়া ১০০ শতাংশই নিশ্চিত নহয়। কিয়নো তুলনামূলক ভাৱে দুৰ্বল শিক্ষাৰ্থীসকল যে পুনৰ বিদ্যালয়লৈ ঘূৰি আহিব তাত সন্দেহ আছে।

শিক্ষা বিভাগৰ এনে কাৰ্যত সেয়েহে স্বাভাৱিকতে অসন্তুষ্টিয়ে দেখা দিছে শিক্ষকসকলৰ মাজত। শিক্ষকসকলে গুণোৎসৱক লৈ চিন্তিত হৈ পৰিছে। বহুতেই শিক্ষাবিভাগক সমালোচনা কৰিছে যদিও মুকলিকৈ একো প্ৰকাশ কৰা নাই। এনে এক পৰিস্থিতিৰ মাজতে শিক্ষা মন্ত্ৰীয়ে সোমবাৰে সংবাদ মেল সম্বোধন কৰি গুণোৎসৱৰ বিষয়ে সদৰি কৰি কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব।

১১ মে', ২৩ মে' আৰু ১ জুনত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱ ২০২২ প্ৰথম পৰ্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ,তিনিচুকীয়া, ওদালগুৰি, দক্ষিণ শালমৰা-মানকাচৰ জিলাত অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমাহাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ'ব গুণোৎসৱ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উল্লেখ কৰা মতে ৰাজ্যৰ মুখ্য সচিব, সকলো বিভাগৰ মন্ত্ৰী, বিধায়ক, শিক্ষা বিষয়া গুণোৎসৱৰ লগত জড়িত হ'ব। গুণোৎসৱ ২০২২ত মুঠ ১৮,৭৫২গৰাকী বাহ্যিক নিৰীক্ষকে অংশ ল'ব। ৰাজ্যৰ মুঠ৪৬ হাজাৰ শিক্ষানুষ্ঠানৰ ৪২,৫০,২২৪গৰাকী প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক সামৰি লোৱা হ'ব এই গুণোৎসৱত।

ক্লিক কৰি পঢ়কঃ হিমন্ত ৩৬৫…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in