৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পাঠ্যক্ৰমঃ শিক্ষক,শিক্ষাৰ্থীলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা…

৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পাঠ্যক্ৰমঃ শিক্ষক,শিক্ষাৰ্থীলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা…
  • ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।
  • একাদশ শ্রেণী পৰ্যন্ত বন্ধ থাকিব সকলো শ্রেণীকোঠা।
  • দ্বাদশ আৰু স্নাতক ষষ্ঠ ষান্মাসিক শ্রেণীৰ পাঠগ্রহণৰ বাবে অনুমতি প্ৰদান।
  • স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ শ্রেণীৰো পাঠগ্রহণৰ অনুমতি প্ৰদান কৰিছে শিক্ষা বিভাগে।
  • আগন্তুক ৬ ছেপ্টেম্বৰৰ পৰা খোল খাব শ্রেণীকোঠা।
  • যিসকল শিক্ষাৰ্থীৰ শ্রেণী আৰম্ভ হ'ব সেইসকল শিক্ষাৰ্থীহে থাকিব পাৰিব হোষ্টেলত।
  • হোষ্টেলৰ প্রতিগৰাকী আৱাসীয়ে দুই পালি ভেকচিন লোৱাটো বাধ্যতামূলক।
  • এপালি ভেকচিন লোৱা শিক্ষাৰ্থীয়ে পাঠগ্রহণ কৰিব পাৰিব।
  • ১৮ বছৰ উৰ্ধ্বৰ দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীক শ্ৰেণী কোঠাত উপস্থিত থকাৰ অনুমতি দিয়া হৈছে।
  • শ্ৰেণীসমূহৰ এটা শাখাত ৩০জনতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব।
  • প্রয়োজন সাপেক্ষে শাখা বৃদ্ধি কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই।
  • শিক্ষানুষ্ঠান আৰম্ভ হোৱাৰ প্ৰথম ৩দিনত শিক্ষক,শিক্ষাৰ্থী,শিক্ষাকৰ্মীৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰ হ'ব।
  • বাকী সকলো শ্রেণীৰ বাবে অনলাইন শিক্ষাদানৰ ব্যৱস্থাই বাহাল থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in