অভিনন্দন শিক্ষা বিভাগ, এয়াও যে এক বিশ্ব অভিলেখ! পুৱা পদোন্নতি, দুপৰীয়া যোগদান আৰু আবেলি অৱসৰ

অভিনন্দন শিক্ষা বিভাগ, এয়াও যে এক বিশ্ব অভিলেখ! পুৱা পদোন্নতি, দুপৰীয়া যোগদান আৰু আবেলি অৱসৰ

ডিজিটেল ডেস্কঃ শিক্ষা বিভাগত আজৱ কাণ্ড! একেদিনাই এগৰাকী বিষয়াক পদোন্নতি দি উক্ত পদত যোগ দিয়াই আৰু সেইদিনাই অৱসৰ গ্ৰহণ কৰাৰ উদাহৰণ হয়তো বিশ্বতেই নাই। পুৱা পদোন্নতি দিয়া বিষয়াগৰাকীয়ে দুপৰীয়া যুটীয়া সঞ্চালকৰ পৰা অতিৰিক্ত সঞ্চালক হৈ আবেলি অৱসৰ লোৱা সেই সৌভাগ্যবান শিক্ষা বিভাগৰ বিষয়া গৰাকীৰ নাম অসমী গগৈ। পোহৰলৈ অহা খবৰ অনুসৰি, ৰাজ্যৰ শিক্ষা বিভাগত সংঘটিত হ'ল এই নাভূত নাশ্ৰুত তথা বিৰল ঘটনা।

দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধেকঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতেসংঘটিত হ'ল এগৰাকী নিৰ্দিষ্ট বিষয়াৰ স্বাৰ্থত এই ঘটনা। এই চৰকাৰৰ কাৰ্যকালত নীতিনিয়ম ভৰিৰে মোহাৰি ব্যক্তিস্বাৰ্থক কিদৰে অগ্ৰাধিকাৰ দিয়া হয়, তাৰ চূড়ান্তনিদৰ্শন প্ৰতিফলিত হ'ল ২০১৯ৰ শেষ দিনটোত।

উল্লেখযোগ্য যে, ৩০ ডিচেম্বৰলৈকেপ্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল অসমী গগৈয়ে।হঠাৎ দিছপুৰত লাগিল খৰখেদা। ৩০ ডিচেম্বৰৰ বিয়লি দিছপুৰত অনুষ্ঠিত হ'ল বিভাগীয়পদোন্নতি সম্পৰ্কীয় সমিতিৰ এখন বৈঠক। এই সমিতিৰ অধ্যক্ষ আছিল ৩১ ডিচেম্বৰতে অৱসৰগ্ৰহণ কৰা তদানীন্তন মুখ্য সচিব আলোক কুমাৰ।

আলোক কুমাৰৰ অধ্যক্ষতাতে অনুষ্ঠিতবৈঠকত অসমী গগৈক যুটীয়া সঞ্চালক পদৰ পৰা অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিয়াৰসিদ্ধান্ত লোৱা হয় আৰু অনুমোদনৰ বাবে সেইদিনাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থভট্টাচাৰ্যলৈ বৈঠকৰ কাৰ্যবিবৰণী প্ৰেৰণ কৰে।

মন কৰিবলগা যে, এনে এক পদোন্নতিবিষয়ক ফাইল আৰু ইয়াৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ যথেষ্ট দিনৰ প্ৰয়োজন হয়। বহুবিভাগত তেনে পদোন্নতি সম্পৰ্কীয় বৈঠক বছৰ বছৰ ধৰি অনুষ্ঠিত নোহোৱাকৈয়ে আছে। কিন্তুৰহস্যজনকভাৱে এইগৰাকী বিষয়াৰ পদোন্নতিৰ বাবে সকলো পক্ষ হঠাৎ এইদৰে তৎপৰ হৈ পৰিল ৩০ডিচেম্বৰ, ২০১৯ত।

এনে চৰ্চাও চলিছে, বিভাগীয়মন্ত্ৰীৰ আশীৰ্বাদৰ বাবেই অসমী গগৈৰ ক্ষেত্ৰত সেই অসম্ভৱো সম্ভৱ হ'ল। একেদিনাইবৈঠকৰ সিদ্ধান্ত মন্ত্ৰীলৈ প্ৰেৰণ কৰি মন্ত্ৰীৰ অনুমোদন লাভ কৰাৰ পাছতেই সেই দিনাইপ্ৰকাশ কৰা হৈছিল বৈঠকৰ কাৰ্য বিৱৰণী। এইখিনি সম্পন্ন হোৱাৰ পাছতে ৩১ ডিচেম্বৰ,২০১৯ত প্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সঞ্চালকৰ পদ এৰি ৩১ ডিচেম্বৰৰ দুপৰীয়ামাধ্যমিক শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালক হিচাপে অসমী গগৈয়ে যোগদান কৰে।

মাত্ৰ কেইটামান ঘণ্টাৰ বাবে এইপদত থাকি আবেলিলৈ তেওঁ চাকৰিৰ পৰা অৱসৰ লয়। মন কৰিবলগা যে, এইগৰাকী বিষয়াৰ প্ৰতিএক পক্ষৰ এনে তৎপৰতাৰ সলনি সেই বিভাগৰে জ্যেষ্ঠ বিষয়া হিচাপে কৰ্মৰত আন বিষয়াইকিন্তু পদোন্নতি লাভ নকৰিলে। বছৰৰ শেষ দিনটোত পুৱা পদোন্নতি, দুপৰীয়া যোগদান আৰুআবেলি অৱসৰ গ্ৰহণ কৰা অসমী গগৈৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ এই তৎপৰতা কিয় তাক লৈএতিয়া দিছপুৰত চলিছে সৰৱ চৰ্চা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in