আজি অৱসৰ গ্ৰহণ কৰিব অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই

আজি অৱসৰ গ্ৰহণ কৰিব অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে অৱসৰ গ্ৰহণ কৰিব অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই। উল্লেখ্য যে, যোৱা ৩১ আগষ্টতে কুলধৰ শইকীয়াৰ অৱসৰ গ্ৰহণৰ কথা আছিল যদিও অসম চৰকাৰে তেওঁৰ কাৰ্যকাল ৩০ নৱেম্বৰলৈ ৩ মাহ বৃদ্ধি কৰিছিল।

২০১৮ চনৰ ১ মে'ত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি লাভ কৰা কুলধৰ শইকীয়া হৈছে ১৯৮৫ বেটছৰ আইপিএছ বিষয়া। শইকীয়াৰ অৱসৰ গ্ৰহণৰ পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰূপে দায়িত্ব গ্ৰহণ কৰিব ভাস্কৰজ্যোতি মহন্তই।

শুকুৰবাৰে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰূপে ভাস্কৰজ্যোতি মহন্তক দায়িত্ব প্ৰদান কৰে। ১৯৮৮ চনৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ভাস্কৰজ্যোতি মহন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in