পথ নে পুখুৰী? মৰনফাণ্ডলৈ পৰিণত উৰিয়ামঘাট-ৰজাপুখুৰী পথ….

পথ নে পুখুৰী? মৰনফাণ্ডলৈ পৰিণত উৰিয়ামঘাট-ৰজাপুখুৰী পথ….

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ উৰিয়ামঘাট পৰা ৰজাপুখুৰীলৈ যোৱা পথটোৱে ৰাইজক বিগত কেইবা বছৰো ধৰি জিয়াতু ভোগাই আহিছে।খৰালি কালত পথটোত অধিক ধূলি হোৱা পৰিলক্ষিত হৈ আহিছে। ধূলিৰ বাবে জনসাধাৰনৰ অসুবিধাৰ সম্মুখিন হৈ আহিছে। দৈয়াংৰ পৰা শিল ভৰ্তী ডাম্পাৰ চলা-চল কৰাৰ ফলত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে।এজাক বৰষুণতেই সমগ্ৰ পথটোতেই সৃষ্টি হোৱা গাঁতত পানী জমা হৈ পৰাৰ পৰিলক্ষিত হয়।

পথটোত গাড়ী চলাচল কৰাৰ ফলত পানী আৰু বোকাৰ সংমিশ্ৰন ঘটি সমগ্ৰ পথটোতেই ডাঠ বোকাৰ প্ৰলেপ পৰা দেখা যায়। ফলত পথচাৰীৰ বাবে যাতায়ত কৰাতো অসম্ভৱ হৈ পৰে কাৰন বোকাৰ ওপৰত খোজ দিয়াৰ পৰিবৰ্তে বিকল্প উপায় নাই। গাড়ী-মটৰ, বাইক-স্কুতি প্ৰতি ঘন্টাত ২০-২৫ কিঃমিঃ গতি বেগত চলাবলগীয়া হয়। চিকিৎসা সেৱাৰ জৰুৰীকালীন বাহন সমূহো পথটোৰ দুৰাৱস্থাৰ বাবে নিৰ্দিষ্ট সময়ত যাব নোৱাৰাৰ বাবে ৰোগীৰ অসুবিধাৰ সম্মুখীন হ'বলগীয়া হয়।

উল্লেখ্য যে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়লৰ বিশেষকৈ অংছা জিলদৈ শ্যাম হাইস্কুল, নগাআলি প্ৰাথমিক বিদ্যালয় আৰু জন ভেনিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও একাংশ ৰেংমা সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয় আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰিষা কালত বোকাময় আৰু খৰালী কালত ধূলীময় পথটোৱে নিতৌ অহা যোৱা কৰিবলগীয়া হৈছে।

পথটোত প্ৰায়েই সৰু সৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিলক্ষিত হয়। অঞ্চলটোৰ বানিজ্য কেন্দ্ৰস্থল হিচাপে পৰিচিত উৰিয়ামঘাট বজাৰলৈ ব্যৱসায়ী তথা সাধাৰন জনসাধাৰন উক্ত পথটোৱেই আহিবলগীয়া হয়। উল্লেখ্য যে, বিগত সময়ত পথটো নিৰ্মাণৰ বাবে উৰিয়ামঘাট চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত উৰিয়ামঘাট অঞ্চলৰ কেইবাটাও সংগঠন তথা স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

শেহতীয়াকৈ পথটো উৰিয়ামঘাট থানাৰ সমিপৰলৈকে নিৰ্মাণৰ ব্যৱস্থা কৰি নিৰ্মাণৰ কাম চলাই আছে। কিন্তু থানাৰ সমিপৰলৈকে নিৰ্মাণ ব্যৱস্থা কৰিছে যদিও ৰজাপুখুৰীৰলৈকে পথটোৰ বাকী অংশ এজাক বৰষুনতেই দ' দ' গাঁতত পানী জমা হয়। উল্লেখ্য যে অতি কমেও ফৰেষ্ট তিনিআলিৰ লৈকে পথটো নিৰ্মাণ কৰিলে অন্ততঃ সৰুপথাৰলৈ যোৱাৰ পথ সুচল হ'ব।

বিগত সময়ত সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়ীকা ৰ'জলীনা তিৰ্কীক পথটোৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে আবেদন জনাইছিল যদিও নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ পৰিলক্ষিত নহ'ল। ধনশিৰি মহকুমাৰ সৰুপথাৰত লোক নিৰ্মাণৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো কেইবাবছৰো ধৰি পথটো নিৰ্মাণৰ প্ৰতি গুৰুত্বৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। বৰ্তমান উৰিয়ামঘাটবাসী তথা ৰাইজ আশাবাদী যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে উৰিয়ামঘাটৰ পৰা ৰজাপুখুৰীলৈকে যোৱা পথটো নিৰ্মাণৰ ব্যৱস্থা কৰি যাতায়তৰ বাবে সুচল কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in