ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটডেল ডেস্ক : ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত পুনৰ কোৰোনাত আক্ৰান্ত হয় ২১ গৰাকী লোক । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১৬ গৰাকী লোকে । বৃহস্পতিবাৰে এজনো কোৰোনাত আক্ৰান্ত হৈ এগৰাকীও লোকৰ মৃত্যু হোৱা নাই ।

বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মেট্ৰত ৬ গৰাকী, তিনিচুকীয়াত ৫ গৰাকী,ডিব্ৰুগড়ৰ ২ গৰাকী আৰু দক্ষিন শালমাৰাত ২ গৰাকী লোক আক্ৰান্ত হয় কোৰোনাত । ৰাজ্যত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ২,১৬,৯৪০ গৰাকী,কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ২,১৩,২৯৫ গৰাকী । ইফালে কোৰোনাত আক্ৰান্ত হৈ ৰাজ্যত সৰ্বমুঠ মৃত্যু হয় ১০৭৭ গৰাকী লোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in