কোৰোনাত আক্ৰান্ত হোৱা ব্যক্তিজন যোৱা ৫ মাৰ্চত দিল্লীৰ পৰা আহিছিল অসমলৈ…পঢ়ক সবিশেষ

কোৰোনাত আক্ৰান্ত হোৱা ব্যক্তিজন যোৱা ৫ মাৰ্চত দিল্লীৰ পৰা আহিছিল অসমলৈ…পঢ়ক সবিশেষ

ডিজিটেল ডেস্কঃ শিলচৰৰ মেডিকেল কলেজৰ পৰা অৱশেষত খবৰ আহিল যে, অসমত প্ৰথমগৰাকী ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে। প্ৰথমে শিলচৰৰ লেবত আৰু পিছত পুনেত পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ অন্তত স্পষ্ট হয় যে, লোকজনৰ দেহত আছে কোৰোনা ভাইৰাছৰ অৱস্থিতি। কিছুসময়ৰ পূৰ্বে ৫২ বছৰীয়া এই লোকজন কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগেও।

বৰ্তমান শিলচৰ মেডিকেল কলেজতে চিকিৎসা প্ৰদান কৰি থকা লোকজনৰ অৱস্থা ঠিকে আছে বুলি সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছ'চিয়েল মিডিয়াযোগে এই কথা ৰাজহুৱা কৰি কয় যে, অসমত কোৰোনাত আক্ৰান্ত প্ৰথমগৰাকী ব্যক্তিৰ তথ্য পোহৰলৈ আহিছে আৰু তেওঁক বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে।

কোৰোনাত আক্ৰান্ত হোৱা এই ব্যক্তিজনৰ ঘৰ কৰিমগঞ্জৰ বদৰপুৰত বুলি জানিব পৰা হৈছে। কিছুদিনৰ পূৰ্বে ব্যক্তিগৰাকীয়ে হাতীঁগাও হৈ কৰিমগঞ্জলৈ যাত্ৰা বুলি এক সুত্ৰই তথ্য সদৰি কৰিছে। যোৱা ৫ মাৰ্চত এই ব্যক্তিগৰাকী ৰাজধানী এক্সপ্ৰেছ যোগে দিল্লীৰ পৰা আহিছিল অসমলৈ। ইয়াৰ পাছতে জ্বৰ আৰু পানীলগাত আক্ৰান্ত হৈ সমীপৰে এখন গৌৰী নামৰ চিকিৎসা প্ৰতিষ্ঠানত দেখুৱাৰ পাছত শিলচৰৰ মেডিকেল কলেজলৈ লৈ অহা হৈছিল।

ব্যক্তিগৰাকীৰ পৰিয়ালত পত্নীৰ লগতে আছে ২ সন্তান। এতিয়া ব্যক্তিগৰাকীৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছত পৰিয়ালৰ সদস্য সকলৈলৈয়ো ভাইৰাছবিধ সংক্ৰমণ হৈছে নেকি তাক লৈ সন্দেহৰ অৱকাশ আছে। অৱশ্যে স্বাস্থ্য বিভাগে এই সন্দৰ্ভত ক্ষীপ্ৰ ব্যৱস্থা লোৱাৰ কথা সদৰি কৰিছে। দিল্লীৰ পৰা উভতা ব্যক্তিগৰাকীৰ দেহত কোৰোনা ভাইৰাছ দিল্লীত নে গুৱাহাটীৰ হাতীগাঁৱত সংক্ৰমণ হল সেয়াও এক প্ৰশ্নৰ বিষয়। অসমত প্ৰথমটো ঘটনা ধৰা পৰাৰ পাছতে অসমত স্বাস্থ্যবিভাগে অসমবাসীক আৰু অধিক সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে।

লোকজনক দেওবাৰে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল। ইয়াৰ পাছতে সোমবাৰ আৰু মঙলবাৰে তিনিটা পৰীক্ষা কৰা হৈছিল। বৰ্তমান SMCH ৰ কৰোনা ৱাৰ্ডত চিকিৎসাধীন লোক জন ৷ এই কথা সদৰী কৰিছে SMCH ৰ অধ্যক্ষ বাবুল কুমাৰ বেজ বৰুৱাই ৷ লো জন কৰ্কট আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in