‘অসমক ডকাইটৰ দৰে লুটিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…’

‘অসমক ডকাইটৰ দৰে লুটিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…’

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সংবাদমেল পাতি প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিলে প্ৰদেশ কংগ্ৰেছ ৰ সভাপতি ৰিপুণ বৰাই। বিগত শাসনকালত বিজেপি চৰকাৰে অসমক পাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি বৰাই কয়- অসমক আপুনিতো একো নিদিলেই, কিন্তু তাৰ পৰিৰ্ৱতে অসমক ডকাইতৰ দৰে লুটিলে আপুনি।

অসমক লৈ বিজেপি চৰকাৰে ঘোষণা কৰা বহু আচঁনি কাৰ্যক্ষেত্ৰত ৰূপায়ন নোহোৱাৰ কথা কৈ ৰিপুণ বৰাই কয়,- অসমৰ সকলো সম্পদ কেন্দ্ৰীয় চৰকাৰে বহিৰাগত বণিয়াক গতাই দিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰক লৈ আমি গৌৰৱ কৰো। কিন্তু সেই বিমান বন্দৰটোক আপুনি কিয় ব্যক্তিগতকৰণ কৰিলে বুলি প্ৰশ্ন কৰে প্ৰদেশৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

নগাঁও কাগজ কল পুণৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নল'লে বুলি কৈ কটাক্ষ কৰি তেওঁ কয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমক অষ্টলক্ষ্মীৰ দেশ বুলি কয়। কিন্তু অসমক এফালৰ পৰা ধ্বংস কৰি গৈ লক্ষ্মী খেদিলেহে। গতিকে অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কওঁক আমি কি মুখে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ যাম।

কা সন্দৰ্ভতো সৰৱ হৈ প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, আপুনি বলপূৰ্বকভাৱে অসমত জাপি দিলে এনে এখন আইন, যিখন আইনৰ বিৰুদ্ধে লক্ষাধিকজনে আন্দোলন কৰিছিল। ৫জনকৈ অসমীয়া লৰা শ্বহীদ হল। এইবোৰ কাম কৰি আপুনি কিদৰে অসমবাসীক সম্বোধন কৰিব বুলি কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

সংবাদমেলত, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি ৰিপুণ বৰাই কয়, অসমৰ বহুবল্কী মন্ত্ৰী তথা অঘোষিত মুখ্যমন্ত্ৰী জনৰ কথা নকওৱেই। তেওঁ কৈছিল অসমৰ ২৩লাখ নিবনুৱাই চাকৰি পাব। কিন্তু সেই চাকৰি এতিয়া কোনে পালে? নৱপ্ৰজন্মৰ ভৱিষ্যতক লৈ খেলা কৰা এনে বহু প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in