২০ গৰাকী সেনা জোৱানৰ মৃত্যু কেন্দ্ৰীয় চৰকাৰৰ কুটনৈতিক বিফলতাৰ ফলঃ কংগ্ৰেছ নেতাৰ দাবী

২০ গৰাকী সেনা জোৱানৰ মৃত্যু কেন্দ্ৰীয় চৰকাৰৰ কুটনৈতিক বিফলতাৰ ফলঃ কংগ্ৰেছ নেতাৰ দাবী

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ ভাৰত-চীন সীমান্তত ২০ জনকৈ ভাৰতীয় সেনা জোৱানৰ মৃত্য ভাৰত চৰকাৰৰ অ-পৰিপক্ক আৰু অ-দূৰদৰ্শী নীতিৰ ফল। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কুটনৈতিকভাবে বিফল হোৱাৰ লগতে চোৰাংচোৱাৰ ক্ষেত্ৰতো চূড়ান্তভাবে বিফল হৈছে বুলি অভিযোগ উত্থাপন কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাৰ। যাৰ পৰিণতিত ২০ জন কৈ সেনা জোৱান শ্বহীদ হ'ব লগা পৰিবেশৰ সৃষ্টি হ'ল।

আনহাতে যি নেপাল আৰু ভূটানে ভাৰতৰ পৰা সাহায্য লৈ চলি থাকে সেই নেপাল-ভূটানে আজি ভাৰতলৈ বন্দুক টোৱাবলৈ সাহস কৰে। ইয়াতকৈ আৰু দুখজনক খবৰ কিবা থাকিব পাৰে জানো। ভাৰতীয় সেনা শক্তিহীন নহয়।

ভাৰত বৰ্ষৰ অপৰিপক্ক তথা দুৰ্বল নেতৃত্বৰ ফলত এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক গৰাকীয়ে। নৰেন্দ্ৰ মোডীয়ে পাকিস্তানক হে ৫৬ ইঞ্চিৰ বুকু দেখুৱাব পাৰে চীনক নোৱাৰে বুলিও কটাক্ষ কৰে ভূপেন কুমাৰ বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in