জনপ্ৰিয়তাৰ তালিকাঃ নৱম স্থানত অসমৰ সোণোৱাল, শীৰ্ষত নবীন পাটনায়ক…

জনপ্ৰিয়তাৰ তালিকাঃ নৱম স্থানত অসমৰ সোণোৱাল, শীৰ্ষত নবীন পাটনায়ক…

ডিজিটেল ডেস্কঃ অসমৰ ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিছে নৱম স্থান। আইএএনছ-চি ভোটাৰৰ এক সমীক্ষাৰ জৰিয়তে প্ৰস্তুত কৰা এখন তালিকাত নৱম স্থানত আছে মুখ্যমন্ত্ৰী সোণোৱাল।

ইফালে, তালিকাখনৰ প্ৰথম স্থানত আছে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক (বিজু জনতা দল)। ঠিক একেদৰে দ্বিতীয় স্থানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী, তৃতীয় স্থানত কেৰালা, চতুৰ্থ স্থানত অন্ধ্ৰপ্ৰদেশ, মঞ্চম স্থানত মহাৰাষ্ট্ৰ, ষষ্ঠ স্থানত দিল্লী, সপ্তম স্থানত হিমাচলপ্ৰদেশ আৰু অষ্টম স্থানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম আছে।

উল্লেখ্য যে, এই তালিকাখনৰ ২২ নং স্থানত উত্তৰাখণ্ড (১৭.৭২) আৰু ২৩ নং স্থান অৰ্থাৎ তালিকাৰ অন্তিম স্থান দখল কৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে (৪.৪৭)। আনহাতে, এই তালিকাৰ প্ৰথম স্থানত থকা ওড়িশ্যাৰ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাৰ হাৰ ৮২.৯৬ বুলি উল্লেখ কৰা হৈছে তালিকাখনত। আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই হাৰ ৬৭.১৭।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in