১০ মিনিটত কি কথা পাতিলেঃ যোৰহাটত বন্ধ কোঠাত নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰে মিলিত হ’ল হিমন্ত বিশ্ব শৰ্মা…

১০ মিনিটত কি কথা পাতিলেঃ যোৰহাটত বন্ধ কোঠাত নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰে মিলিত হ’ল হিমন্ত বিশ্ব শৰ্মা…

বহুদিনীয়া অসম-নগালেণ্ডৰ সীমা সমস্যা সন্দৰ্ভত যোৰহাট আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেউফি ৰিঅ'ৰ মাজত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় দেওবাৰে। প্ৰায় ১০ মিনিটতে সামৰণি পৰা এই বৈঠকৰ সন্দৰ্ভত কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক কোনো কথা খুলি ৰাজহুৱা নকৰিলে।

বন্ধ কোঠাত অনুষ্ঠিত হোৱা এই বৈঠকত মুলতঃ কি বিষয় আলোচনা হ'ল সেয়া জানিব পৰা হোৱা নাই যদিও অসম-নগালেণ্ড সীমান্তৰ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পূৰ্বে স্বাক্ষৰ কৰা চুক্তিৰ আধাৰত সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে এই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে যে- আজি যোৰহাটত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেউফি ৰিঅ'ৰ সৈতে সাক্ষাৎ হৈ আনন্দিত হ'লো।

তেওঁৰ সৈতে বিভিন্ন বিষয়ক লৈ দুয়ো পক্ষৰ সহমতত এই সমস্যা সমূহৰ সন্দৰ্ভত আলোচনা হোৱা বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, সীমা সমস্যাক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি দুয়োখন ৰাজ্যৰ মাজৰ এক সংঘাতপূৰ্ণ পৰিৱেশে বিৰাজ কৰি আছে। উল্লেখ্য যে, এই সীমা সমস্যাসমূহ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে এই বছৰৰ জুলাইত এক চুক্তি সাক্ষৰিত কৰিছিল।

এক সূত্ৰ মতে, এই বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে উত্তৰ পূবৰ বিদ্ৰোহী সমস্যা প্ৰসংগতো কিছু কথা পাতিছিল। বিশেষকৈ নগা বিদ্ৰোহী আৰু আলফা স্বাধীনৰ সন্দৰ্ভত আৰু ইয়াৰ সমাধানৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যই কিদৰে সহযোগিতাৰে আগবাঢ়িব তাক লৈ আলোচনা কৰা হৈছিল। ইফালে, সীমা সমস্যাকে ধৰি আন্তঃৰাজ্যিক বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনাৰ বাবে দেওবাৰে যোৰহাটৰ আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম আৰু নগালেণ্ডৰ মুখ্যমন্ত্ৰী। এই বৈঠকত অসম আৰু নগালেণ্ডৰ ৪৩৪ কিলোমিটাৰ দীঘলীয়া ভৌগলিক সীমাৰ স্থায়ী সীমা নিৰ্ধাৰণৰ বিষয়ে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীদ্বয়ই মত বিনিময় কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পেলাবৰ বাবে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' যোৰহাটত উপস্থিত হয়। সীমা সমস্যাৰ উপৰিও আন্তঃৰাজ্যিক বাণিজ্য, সীমান্ত অঞ্চলৰ আইন-শৃংখলা পৰিস্থিতি তথা সীমান্তত বসবাস কৰা ৰাজ্য দুখনৰ বাসিন্দাসকলৰ মাজত সামাজিক সদভাৱ বৃদ্ধি কৰাৰ বাবে নেতাদ্বয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে।

ইফালে, এক বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰী দুগৰাকীৰ বৈঠকৰ কথা এনেদৰে বৰ্ণনা কৰি কয় যে, অসম-নগালেণ্ড সীমান্তৰ সীমা বিবাদৰ ৰাজনৈতিক সমস্যাটো সামাজিকভাৱে সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ এক ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ আগন্তুক সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব। দেওবাৰৰ অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্য দুখনৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ সমাজতো ভাতৃত্ববোধ জাগ্ৰত কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যিক মুখপাত্ৰজনে মত পোষ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in