সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ৩ কোটি টকা সৰকোৱাৰ অভিযোগত চি আই ডিৰ জালত পৰিল ৯ জন…

সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ৩ কোটি  টকা সৰকোৱাৰ অভিযোগত চি আই ডিৰ জালত পৰিল ৯ জন…

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই দুদিন ধৰি চলোৱা অভিযানত নজনকৈ লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ছাত্ৰ ছাত্ৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা জলপানীৰ ধন হৰলুকি কৰা ঘটনাৰ সন্দৰ্ভতে গুৱাহাটীৰ পৰা অহা ১৮ জনীয়া চি আই ডি দলে নগাঁৱৰ ৯ টাকৈ স্থানত অভিযান চলাইছিল ৷ এই অভিযানত প্ৰায় ৩ কোটি টকা আত্মসাতৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷

চি আই ডিৰ এই বৃহৎ অভিযানৰ সৰ্ন্দভত কোনোপক্ষই মূখ খোলা নাই যদিও "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে নগাঁৱৰ ধিঙ গেইটৰ ওচৰত থকা এখন ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিস্থানত সংঘটিত প্ৰায় ৩ কোটি টকীয়া সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানী ধনৰ আত্মসাতৰ ঘটনাৰ তথ্যৰ ভিত্তিত এই অভিযান চলিছিল ৷ এই অভিযানত চি আই ডি সফল হয় ৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ৯ টা স্থানত ৪ টা গোটত বিভক্ত হৈ চলোৱা অভিযানত নিৰ্দিষ্ট ৯ জন অভিযুক্তকে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ব্যক্তিগত খণ্ডৰ শিক্ষাপ্ৰতিস্থান "হাম এক নেচনেল চেকেণ্ডাৰী এণ্ড চিনিয়ৰ চেকেণ্ডাৰী" নামৰ শিক্ষানুষ্ঠানটিত প্ৰায় এহেজাৰ সংখ্যালঘূ ছাত্ৰ ছাত্ৰীৰ নামত জলপানীৰ প্ৰায় ৩ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা হৈছিল ৷ শিক্ষানুষ্ঠানটোৰ সঞ্চালক হৈছে ইনামূল হাচান আৰু অধ্যক্ষ হৈছে হাইদৰ আলি ৷ ইনামূল আৰু হাইদৰে ৯ জন লোকৰে মিলি ছাত্ৰ ছাত্ৰীৰ নামত প্ৰায় তিনি কোটি টকা আত্মসাৎ কৰিছিল ৷ শিক্ষানুষ্ঠানটোত কোনো দিন অধ্যয়ন নকৰা আৰু বেলেগ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ নামত এই বৃহৎ পৰিমানৰ ধন চৰকাৰৰ ঘৰৰ পৰা আদায় কৰি উদৰস্থ কৰিছিল ৷ এই ঘটনা চি আই ডিৰ তদন্তত পোহৰলৈ অহাৰ পিছত চি আই ডিয়ে পৰিকল্পনা অনুসৰি অভিযান চলাই ৷

"হাম এক নেচনেল চেকেণ্ডাৰী এণ্ড চিনিয়ৰ চেকেণ্ডাৰী " ৰ সঞ্চলক ইনমূল হাচান আৰু অধ্যক্ষ হাইদৰ আলিক নগাঁও আৰক্ষীয়ে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ৷ নগাঁও আৰক্ষীৰ পৰা ২৬৬৯/ ২০২১ নম্বৰৰ গোছৰটো পিছত চি আই ডিলৈ হস্তান্তৰ হৈছিল ৷ চি আই ডিয়ে নগাঁৱত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা ৯ জন লোকৰ ভিতৰত এগৰাকী মহিলা আৰু এজন শিক্ষকো আছে ৷

মহিলাগৰাকীৰ নাম হৈছে বৰহোলা ভেৰভেৰীৰ ৰুমী দাস আৰু শিক্ষক জনৰ নাম হৈছে মধ্যপাৰা ভেঞ্চাৰ স্কুলৰ শিক্ষক চাইফুল ইছলাম ৷ আনসকলৰ ভিতৰত আছে কাৱৈমাৰীৰ মৃনাল কোঁৱৰ , তিনিচুকীয়াৰ মোস্তাক আহমেদ , শিমলাই পথাৰৰ হুছেইন আহমেদ, আল্লাউদ্দিন, চবিৰ আহমেদ, আব্দুল ৱাহিদ, জাজৰী হাতীযুঁজুৱাৰ ইমৰান হুছেইন ৷

এই কেইজন লোকে নগাঁৱৰ ইউক' বেংক , নগাঁও বাজাৰ ব্ৰাঞ্চ এছ বি আই, কামপুৰ টাউন এছ বি আই অন্তৰ্গত চি এছ পি চলাই আছিল ৷ শিক্ষানুষ্ঠানৰ সঞ্চালক আৰু অধ্যক্ষই এইসকল লোকৰ সহযোগত চি এছ পিত ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত বেংক একাউন্ট খুলিছিল ৷ এই বেংক একাউন্টৰ জৰিয়তে প্ৰায় ৩ কোটি টকা সৰকাই নিছিল ৷ চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা ৯ জনকে বৰ্তমান মাৰঠান জেৰা চলাই আছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in