বৰাকৰ চাহ বাগিছা উচ্ছেদৰ বিৰোধীতা কেন্দ্ৰীয় ‘আছা’ৰ

বৰাকৰ চাহ বাগিছা উচ্ছেদৰ বিৰোধীতা কেন্দ্ৰীয় ‘আছা’ৰ

ডিজিটেল সংবাদ ওদালগুৰিঃ আজি সদৌ আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সমিতিয়ে এক স্মাৰকপত্ৰ প্ৰদান কৰি বৰাক ভেলীৰ ডলু চাহ বাগিছাৰ ২০০ বিঘা ভূমিত থকা ৩০ লাখ চাহগছ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ আৰু ভাৰপ্ৰাপ্ত সম্পাদক নোৱাছ বাৰ্লা স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত সংগঠনটোৱে কয় যে, "বৰাক ভেলীৰ ডলু চাহ বাগিছাৰ ২০০ বিঘা ভূমিত থকা ৩০ লাখ জোপা চাহগছ উচ্ছেদ কৰি প্ৰস্তাৱিত গ্রীনফিল্ড বিমানকোঠ নির্মান কৰিব বিচৰা কাৰ্যক আমি তীব্র ভাষাৰে গৰিহনা দিছো।

যিহেতু এই উচ্ছেদৰ ফলত তিনি হাজাৰৰাে অধিক শ্রমিক চিৰদিনৰ বাবে কৰ্মসংস্থাপন হেৰুৱাব আৰু ৩০ লাখৰাে অধিক চাহ গছ ধ্বংস হােৱাৰ আশংকা কৰা হৈছে। সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) ই বাগিছাৰ চাহ গছ উচ্ছেদ চলোৱা কাৰ্যক আৰু শ্ৰমিক বিৰোধী কাৰ্যকলাপ কেতিয়াও সমৰ্থন নকৰো ।

এই উচ্ছেদ কাৰ্য অতি শীঘ্রে বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছো আৰু উচ্ছেদিত হােৱা চাহ গছৰ ঠাইত নতুন চাহ পুলি ৰােপন কৰিবলৈ দাবী জনালাে। অন্যথা সদৌ আদিবাসী ছাত্র সন্থা (আছা) ই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হম।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in