ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ ১ ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান…

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ ১ ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান…
  • ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰিছে।
  • ধেমাজীৰ মৰিধলৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ ৰাজ্যিক কেবিনেটৰ।
  • নিন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত গ্ৰহণ। ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ।
  • ২৭ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে  ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ আৰম্ভ হ'ব।
  • ১ ছেপ্তেম্বৰৰপৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ'ব।
  • একেসময়তে হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব।
  • হোষ্টেলৰ আৱাসীসকলে দুটা ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক।
  • ৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ বিশেষ এছ অ' পি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in