কেবিনেটৰ সিদ্ধান্তঃ চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন নহ’ব পুলিচ ভেৰিফিকেচন, নিয়মীয়া শিক্ষা আৰু দূৰ শিক্ষাৰ নাথাকিব ব্যৱধান

কেবিনেটৰ সিদ্ধান্তঃ চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন নহ’ব পুলিচ ভেৰিফিকেচন, নিয়মীয়া শিক্ষা আৰু দূৰ শিক্ষাৰ নাথাকিব ব্যৱধান
  • বৃহস্পতিবাৰে জনতাভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেট বৈঠক।
  • এই কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ।
  • মাজুলীৰ ঘটনাৰ বাবে কেবিনেটৰ আৰম্ভণিতে কৰা হৈছে মৌন প্রাৰ্থনা।
  • অতিৰিক্ত মুখ্য সচিব মনিন্দ্র সিঙক দিয়া হৈছে মাজুলী ঘটনাৰ তদন্তৰ দায়িত্ব।
  • ঘটনাৰ তদন্তৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিল কৰিব লাগিব।
  • মাজুলীৰ ঘটনাৰ বাবে আৰক্ষীকো ফৌজদাৰী গোচৰ তৰাৰ নিৰ্দেশ কেবিনেটৰ।
  • মাজুলী সংযোগী দলং নিৰ্মাণ সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ বিত্তমন্ত্রী অজন্তা নেওগক দায়িত্ব প্ৰদান।
  • ডি এন এল এয়ে ৬ মাহৰ বাবে ঘোষণা কৰা যুদ্ধ বিৰতি সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ।
  • এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান চলোৱা নহয়।
  • সংগঠনটোৱে এই সময়চোৱাত অস্ত্র-শস্ত্র লৈ ঘূৰা আৰু ধন দাবী আদি কাৰ্যত লিপ্ত হ'ব নোৱাৰিব।
  • চৰকাৰী চাকৰি সন্দৰ্ভতো লোৱা হৈছে সিদ্ধান্ত।
  • এতিয়াৰে পৰা চৰকাৰী চাকৰি মকৰলৰ ক্ষেত্রত পুলিচ ভেৰিফিকেছনৰ প্রয়োজন নহ'ব।
  • প্রাৰ্থীয়ে ছেল্ফ ডিকলাৰেচন দিব লাগিব।
  • কোনো প্রাৰ্থীয়ে ভুল তথ্য দিলে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ'ব।
  • আধাৰ কাৰ্ডৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰিব পাৰিব।
  • চৰকাৰী চাকৰিত বিশেষভাৱে সক্ষম সকলৰ বাবে পূৰ্বৰ ৩ শতাংশৰ পৰিৱৰ্তে ৪ শতাংশ আসন সংৰক্ষণ থাকিব।
  • এতিয়াৰে পৰা দূৰ শিক্ষাৰ ডিগ্রী, ডিপ্ল'মা আদি নিয়মীয়াৰ সৈতে একেই গণ্য কৰা হ'ব।
  • গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইড'ল আদিৰ ডিগ্রী, ডিপ্ল'মা একেই বিবেচনা কৰা হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in