ৰাজ্যিক কেবিনেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ পঢ়ক সবিশেষ…

ৰাজ্যিক কেবিনেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ সোমবাৰে প্ৰশাসনীয় প্ৰদাধিকাৰী মহাবিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সোমবাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হৈছেঃ

  • আত্মনিৰ্ভৰশীল অসমৰ লক্ষ্য তুৰান্বিত কৰাৰ বাবে সোমবাৰৰ কেবিনেটত এম এছ এম ই অৰ্ডিনেন্সত অনুমোদন জনায়। এই অধ্যাদেশ অনুসৰি এম এছ এম ই খণ্ডৰ কোনো উদ্যোগীয়ে উদ্যোগ স্থাপন কৰাৰ বাবে অহা ৩বছৰলৈ কোনো বিভাগৰ পৰা অনুমোদন লব নালাাগে। মাথোঁ উদ্যোগ বিভাগৰ আয়ুক্তক আৱেদনৰ জৰিয়তে এই বিষয়ে জনাব লাগিব। কিন্তু শক্তি আৰু অগ্নিনিৰ্বাপনৰ দিশত দুমাহৰ ভিতৰত অনুমোদন লব লাগিব।
  • সোমবাৰৰ মন্ত্ৰীমণ্ডলীৰ বৈঠকে যোগীঘোপাস্থিত অশোক পেপাৰ মিলৰ ২০০ বিঘা ভূমিত ইন্টাৰনেশ্যনেল মাল্টি মডেল লজিষ্টিক হাব নিৰ্মাণৰ বাবে এন এইচ আই ডি চি এলক প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। এই মাল্টি মডেল লজিষ্টিকহাব দেশৰ ভিতৰতে সৰ্বপ্ৰথম।
  • গ্ৰামাঞ্চলৰ বিভিন্ন খণ্ডৰ উন্নয়নমূলক কাম-কাজ খৰকটীয়া কৰাৰ উদ্দেশ্য নাৱাৰ্ডৰ পৰা ৩৩৮.২৮ কোটি টকা ঋণ গ্ৰহণত অনুমোদন জনায়।
  • জি এছ টি অৰ্ডিনেন্সত সোমবাৰৰ কেবিনেটে অনুমোদন জনায়। ইয়াৰ অধীনত কোভিড-১৯ৰ বাবে জি এছ টি ৰিৰ্টাণৰ সময়সীমা বৃদ্ধি কৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  • মন্ত্ৰীমণ্ডলীৰ বৈঠকে পঞ্চাদশ বিত্ত আয়োগৰ অনুদান নিম্নোক্ত ধৰণে ব্যয় কৰাৰ বাবে অনুমোদন জনায়। সেই অনুসৰি গাওঁ পঞ্চায়তে ৭০ শতাংশ, আঞ্চলিক পঞ্চায়তে ১৫ শতাংশ আৰু জিলা পৰিষদে ১৫ শতাংশ ব্যয় কৰিব পাৰিব।
  • খনি(মাইনছ)ৰ ক্ষেত্ৰত আৰ্ণেষ্ট মানি ডিপোজিট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি সাধাৰণ শ্ৰেণীৰ বাবে এই ডিপোজিট ০.৫ শতাংশ আৰু অনুসূচিত জাতি বা জনজাতিৰ বাবে ০.২৫শতাংশ কৰা হয়।
  • অসম ভৱনৰ কৰ্মচাৰীসকলৰ বাবে নতুন সেৱা বিধিত অনুমোদন জনায়। সেই অনুসৰি বিভিন্ন ঠাইত থকা অসম ভৱনৰ কৰ্মচাৰীসকলৰ বদলি সম্ভৱ হৈ উঠিব।
  • বেংগল, আগ্ৰা এণ্ড আছাম চিভিল ৰ্কোট এক্ট,১৮৮৭ সংশোধনীত অনুমোদন জনায়। এই সংশোধনী অনুসৰি নিম্ন আদালতৰ গোচৰ সমূহক বিত্তীয় আওতা পূৰ্বৰ ৫০হাজাৰ টকাৰ পৰা ১০লাখ টকালৈ বৃদ্ধি কৰা হয়।
  • আছাম কলেজ এমপ্লয়িজ এক্ট, ২০০৫ সংশোধনত অনুমোদন জনায়। এই অনুসৰি পূৰ্বে আদায় লোৱা চি পি এফৰ ধন ৬ মাহৰ ভিতৰত ঘূৰাই দিয়াৰ কৰ্মচাৰীসকলে পেঞ্চন প্ৰাপ্তিৰ দিশত গ্ৰহণযোগ্যতা লাভ কৰিব।
  • শিক্ষাবৰ্ষ পূৰ্বতে থকা জানুৱাৰীৰ পৰা ডিচেম্বৰৰ পৰিৰ্ৱতে এপ্ৰিলৰ পৰা মাৰ্চলৈ সলনি কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তক সোমবাৰৰ কেবিনেটে অনুমোদন জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in