কেবিনেট বৈঠক : বান, অৰুণোদয়, ৰে’ল আন্তঃগাঁথনি, মিউছুৱেল ট্রেন্সফাৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

কেবিনেট বৈঠক : বান, অৰুণোদয়, ৰে’ল আন্তঃগাঁথনি, মিউছুৱেল ট্রেন্সফাৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত…
  • মন্ত্রী কেশৱ মহন্তৰ সংবাদমেল সম্বোধন।
  • শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত সংবাদমেল মন্ত্ৰী মহন্তৰ।
  • বান সাহায্য সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ।
  • বানত আক্রান্ত ১৪৬টা ৰাজহ চক্র, ৯০০২খন গাঁৱৰ ৭৩,৪৬০০ লোক।
  • বন্যাৰ্তৰ বাবে স্থাপন ৩৩১৭টা সাহায্য শিবিৰ।
  • ক্ষতিগ্রস্তসকলক তৎকালে সাহায্য দিবলৈ প্রতিজন মন্ত্রীক দায়িত্ব প্রদান।
  • প্রতিজন মন্ত্রীৰ সৈতে এজন সচিব থাকিব।
  • বানাক্রান্ত অঞ্চলত প্রয়োজনত কেম্প কৰি থাকিব।
  • হাইলাকান্দিৰ দায়িত্ব দিয়া হৈছে মন্ত্রী পৰিমল শুক্লবৈদ্যক।
  • কৰিমগঞ্জ, কাছাৰৰ দায়িত্বত মন্ত্রী জয়ন্ত মল্ল বৰুৱাক।
  • তামুলপুৰৰ দায়িত্ব দিয়া হৈছে মন্ত্রী সঞ্জয় কিষাণক।
  • চিৰাঙৰ দায়িত্বত আছে মন্ত্রী বিমল বৰা।
  • বজালী জিলাৰ দায়িত্ব দিয়া হৈছে মন্ত্রী ৰঞ্জিত কুমাৰ দাসক।
  • শোণিতপুৰৰ দায়িত্ব মন্ত্রী অশোক সিংঘালক।
  • মৰিগাঁৱত মন্ত্রী পীয়ূষ হাজৰিকাক দায়িত্ব দিয়া হৈছে।
  • নলবাৰীত নন্দিতা গাৰ্লোছাক দায়িত্ব অৰ্পণ কৰা হৈছে।
  • ২৮জুনৰ পৰা দায়িত্ব লাভ কৰা এইসকল মন্ত্ৰীয়ে কাম কৰিব লাগিব।
  • ১০জুলাইত দাখিল কৰিব লাগিব তেওঁলোকৰ প্রতিবেদন।
  • অসম ৰে'ল আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড খোলাৰ সিদ্ধান্ত।
  • ৰে'লৰ অধীনত থকা মাটি ব্যৱহাৰৰ দিশ চোৱাচিতা কৰিব।
  • অৰুণোদয়ত অতিৰিক্ত ৭ লাখ ৫৬ হাজাৰ হিতাধিকাৰী সামৰি লোৱা হ'ব।
  • অক্টোবৰ মাহৰ পৰা হিতাধিকাৰীয়ে পাব ১২৫০ টকা।
  • স্ব-নিৰ্ভৰশীল নাৰী নামৰ এক নতুন আঁচনিও হ'ব।
  • প'ৰ্টেলৰ জৰিয়তে শিপিনীয়ে বজাৰত কাপোৰ বিক্রী কৰিব পাৰিব।
  • প্রথমে কাপোৰখিনি চৰকাৰে ক্রয় কৰিব।
  • ১২৬ কোটি ৭৫ হাজাৰ টকা HPCLৰ কৰ্মচাৰীক মোকলাই দিয়াৰ সিদ্ধান্ত।
  • আৰোহণ আঁচনিৰ জৰিয়তে মেধাৱী ছাত্র-ছাত্রী দিব বিশেষ সুবিধা।
  • মিউছুৱেল ট্রেন্সফাৰ আৰম্ভ হ'ব।
  • দুৰণিবটীয়া স্থানৰ শিক্ষকৰ বদলি আৰম্ভ হ'ব।
  • ১০ বছৰ হ'ব লাগিব শিক্ষকৰ, মহিলাক অগ্রাধিকাৰ দিয়া হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in