আজিৰ কেবিনেটত চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…

আজিৰ কেবিনেটত চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…

সোমবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • অসম মটৰ ভেহিকল ২০০৩ৰ সংশোধন কৰা হৈছে।
  • সংশোধনীৰ অধীনত জব্দ কৰা গাড়ী ৯০দিনৰ পিছত নিলাম কৰিব পাৰিব।
  • সংশোধন কৰা হৈছে ৰাজহ-দুৰ্যোগ প্রশমন বিভাগৰ আইনো।
  • পাটোৱাৰী, মণ্ডল, আমিনসকলেও ৩% ইনক্রিমেণ্ট পাব।
  • আসাম লজিষ্টিক ২০২২ গ্রহণ কৰিছে অসম চৰকাৰে।
  • পলিচিৰ অধীনত যিকোনো কাম সুচাৰুৰূপে কৰিব পাৰিব।
  • পেঞ্চনাৰ সকলৰ বাবে আইনৰ কিছু সংশোধন কৰা হৈছে।
  • পঞ্চায়ত, এছিষ্টেণ্ট বিডিঅ'সকলে ১৩বছৰত প্রমোচন পাব।
  • উপায়ুক্ত সকলকো কিছু অধিকাৰ দিয়া হৈছে।
  • গ্রামাঞ্চলত সুৰাৰ বিপণীৰ অন লাইচেঞ্চক অফ লাইচেঞ্চ কৰিব পাৰিব।
  • ৪৫ দিনৰ ভিতৰত কৰিব পাৰিব এই কাম।
  • গ্রামাঞ্চলত বাৰ নাথাকে, কেৱল ৱাইন শ্বপ থাকিব।
  • ২০ আগষ্টত বানত ঘৰ নষ্ট হোৱাসকলক ক্ষতিপূৰণ দিয়া হ'ব।
  • ১২৩ কোটি টকা বানত ঘৰ ক্ষতি হোৱা সকলক দিয়া হ'ব।
  • বানত সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰ আছিল ৫,৫৩২টা।
  • পাহাৰ এলেকাত ১ লাখ ১৯০০ হাজাৰ টকা পাব।
  • ৯৫হাজাৰ টকা পাব সমতল অঞ্চলত বাস কৰা সকলে।
  • সকলোৰে একাউণ্টত সোমাব এই ধন।
  • মণিপুৰত মৃত্যু আৰু নিখোজ হোৱা ২০জনৰ পৰিয়ালয়লৈ ২ লাখ টকা দিয়া হ'ব।
  • আহত ৫জনক ২৫হাজাৰকৈ দিয়া হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in