ঘিলামৰাত “কাৰাগাৰৰ বিননী” উন্মোচন…

ঘিলামৰাত “কাৰাগাৰৰ বিননী” উন্মোচন…

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ অন্যতম প্ৰাণকেন্দ্ৰ ঘিলামৰাৰ এগৰাকী প্ৰত্যয়ী লেখক দুলাল দিহিঙীয়া । ঘিলামৰাৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগতে  বৌদ্ধিক ক্ষেত্ৰখনলৈকো মেটমৰা অৱদান আগবঢ়াই যোৱা এইগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন লেখকৰ নৱতম সাহিত্য সৃষ্টি " কাৰাগাৰৰ বিননি " শনিবাৰে শুভ উন্মোচন কৰা হয়  । 

ঘিলামৰাৰ পশ্চিম ঘিলামৰা  ৪৯ সংখ্যক বিহু উৰুৱা সন্মিলনৰ মঞ্চত অনুষ্ঠিত জনাকীৰ্ণ সভাত "কাৰাগাৰৰ বিননি" গ্ৰন্থখন উন্মোচন কৰে  বিশিষ্ট নাট্যকাৰ , শিক্ষাবিদ হৰেন চুতীয়াই। এই সন্দৰ্ভত পশ্চিম ঘিলামৰা ৰাজহুৱা ভৱন আৰু ক্ৰীড়াঙ্গন প্ৰাংগণত অনুষ্ঠিত উন্মোচনী সভাত সভাপতিত্ব কৰে প্ৰবীণ শিক্ষাবিদ বিপিন শইকীয়াই ।

ঘিলামৰা আৰু ঢকুৱাখনাৰ বহু কেইগৰাকী সাহিত্য সাধক, বিশিষ্ট নাগৰিক উপস্থিত থকা উন্মোচনী সভাত উন্মোচক হৰেন চুতীয়াই প্ৰতিশ্ৰুতি সম্পন্ন লেখক দুলাল দিহিঙীয়াৰ নৱতম সামাজিক উপন্যাস "কাৰাগাৰৰ বিননি" এখন সুখ পাঠ্য উপন্যাস বুলি মন্তব্য কৰি কাৰাগাৰ আশ্ৰিত সকলৰ জীৱন অভিপ্সা, সংঘৰ্ষময় জীৱন গাঁথা  আৰু ন্যায় প্ৰাপ্তি সন্দৰ্ভত অভিজ্ঞতালব্ধ বিশ্লেষণ জীৱন্ত ৰূপত উপস্থাপন কৰি লেখক দিহিঙীয়াই প্ৰকাশ কৰা গ্ৰন্থখন  নিশ্চিত ভাবে পাঠক সমাজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে।

বিশিষ্ট কবি প্ৰতিমা বুঢ়াগোঁহাই, লুকুমনি গগৈ, বিদ্যা দত্তৰ লগতে গৰিষ্ঠ সংখ্যক সাহিত্যনুৰাগী উপস্থিত থকা মননশীল উন্মোচনী সভাত বহুকেইগৰাকী ব্যক্তিয়ে  শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in