অসম গ্ৰন্থমেলাঃ ‘কিতাপতকৈ বিশ্বাসী বন্ধ আৰু নাই’- অনুৰাধা শৰ্মা পূজাৰী…

অসম গ্ৰন্থমেলাঃ ‘কিতাপতকৈ বিশ্বাসী বন্ধ আৰু নাই’- অনুৰাধা শৰ্মা পূজাৰী…

ডিজিটেল ডেস্কঃ 'কিতাপ'- যিয়ে ন ন জ্ঞানৰ দিগন্ত মুকলি কৰে, জন্ম দিয়ে নতুন ধ্যান ধাৰণাৰ, আলোকিত কৰে সমাজ জীৱন। গতিকে কিতাপ পঢ়ি মানুহে পৰমানন্দ লাভ নকৰিবই বা কিয়? চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আৰম্ভ কৰা অসম গ্ৰন্থমেলাত আজি অনুষ্ঠিত হৈ যায় 'কিতাপ পঢ়াৰ আনন্দ' শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান।

সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে উদ্বোধন কৰা বিশিষ্ট লেখক, চলচিত্ৰ নিৰ্মাতা উৎপল দত্তই পৰিচালনা কৰা এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা আহি গ্ৰন্থমেলাত সমবেত হোৱা ভালে সংখ্যক লেখক পাঠক তথা বিদ্বৎ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উদ্বোধনী ভাষণ প্ৰদান কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে কয়- 'জীৱনটোক পূৰঠ কৰিবলৈ, আনন্দময় আৰু সুখী কৰিবলৈ কিতাপৰ জগতখনেই আস্থাশীল উপজীব্য। গ্ৰন্থ হৈছে পৰম সুহৃদ, জ্ঞানৰ আলোক আৰু জীৱন তথা সমাজৰ দিগ নিৰ্দেশক। কিতাপতকৈ বিশ্বাসী বন্ধু আৰু নাই।'

উল্লেখ্য যে, আজি অসম গ্ৰন্থমেলাত আয়োজিত হয় ডাঃ কৰুণাসাগৰ দাস সোঁৱৰণী অনুষ্ঠান। সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিও লুইতৰ পাৰৰ খাটি অসমীয়া হৈ আদৰ্শ দেখুৱাই যোৱা ডাঃ দাসৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰে তেওঁৰ অনুৰাগী গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতা, বিশিষ্ট শিল্পী সদানন্দ গগৈ, ৰূপম তালুকদাৰ, মীৰাদাস চহৰীয়া , শোভা হাজৰিকা, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ উৎপল শৰ্মা, বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ আদিয়ে।

অসম গ্ৰন্থমেলাত আজি বিশিষ্ট সংগীতজ্ঞ সুৰকাৰ ৰমেন বৰুৱা আৰু বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তক প্ৰদান কৰা হয় ২০২১ বৰ্ষৰ 'মঘাই-মোহন কৃষ্টি বিকাশ বঁটা।' মঘাই মোহন কৃষ্টি সংঘই প্ৰদান কৰা এই বঁটাত আছে ২৫ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, গামোচা আৰু অংগবস্ত্ৰ। ইফালে, শুকুৰবাৰে বিয়লি ৪ বজাত অসম গ্ৰন্থমেলাত অনুষ্ঠিত হ'ব কবি সন্মিলন। বিশিষ্ট সমালোচক ড০ বিভাস চৌধুৰীয়ে সঞ্চালনা কৰিবলগীয়া এই কবি সন্মিলনতে মোৰ দেশৰ কবিতা শীৰ্ষক কাব্য সংকলন এটি উন্মোচন কৰা হ'ব। উক্ত কবি সন্মিলনত ৰাজ্যখনৰ আগশাৰীৰ কেবাগৰাকী নবীন প্ৰবীণ কবিয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, কাইলৈ বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা উপলক্ষে প্ৰকাশ পাব লগা স্মৃতিগ্ৰন্থখনো উন্মোচন কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in