অসম গ্ৰন্থ মেলাৰ দ্বিতীয় দিন : জ্ঞানপীঠ প্ৰাপক কবিলৈ সম্বৰ্ধনাৰে গ্ৰন্থমেলাত ‘প্ৰাজ্ঞ-প্ৰণাম’

অসম গ্ৰন্থ মেলাৰ দ্বিতীয় দিন : জ্ঞানপীঠ প্ৰাপক কবিলৈ সম্বৰ্ধনাৰে গ্ৰন্থমেলাত ‘প্ৰাজ্ঞ-প্ৰণাম’

ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থ মেলা। কোভিড পৰিস্থিতিয়ে নমাই অনা জটিলতাৰ মাজতে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা স্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ দ্বিতীয়টো দিনত অসম গ্রন্থমেলাত বিশেষ অনুষ্ঠান উদযাপিত হোৱাৰ উপৰিও বহু কেইখন গ্ৰন্থ উন্মোচন কৰা হয়। সেই অনুসৰি জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনলৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান উদযাপিত হয়।

'প্রকৃত কবিতা কেতিয়াও মানুহৰ বুকুৰ আৰ্তিৰ পৰা নিৰ্বাসিত হৈ থাকিব নোৱাৰে। ইয়াৰ অনুৰণন আমি নীলমণি ফুকনৰ কবিতাত দেখিবলৈ পাওঁ।' —এই মন্তব্য বিশিষ্ট কবি-সাহিত্যিক ড° প্ৰাণজিৎ বৰাৰ। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আয়োজিত অসম গ্রন্থমেলাত জ্ঞানপীঠেৰে বিভূষিত কবি নীলমণি ফুকনলৈ সম্বর্ধনা জনাবলৈ ড° লক্ষ্মীনন্দন বৰা সভাঘৰত অনুষ্ঠিত কৰা 'প্রাজ্ঞ-প্রণাম' শীর্ষক অনুষ্ঠানত আলোচক ৰূপে অংশগ্রহণ কৰি ড° বৰাই এই মন্তব্য কৰে।

নীলমণি ফুকনৰ কবিতাৰ প্ৰসংগৰে তেওঁ লগতে কয় যে কবিতা আটাইতকৈ সূক্ষ্মতম কাম আৰু আটাইতকৈ প্ৰভাৱশালী। সেই বাবে কবিসকলেই অধিক পৰিমাণে নির্যাতিত হয়। ৰাছীয়ান কবি আখ্মাতোভাৰ সৈতে তুলনা কৰি ড° বৰাই নীলমণি ফুকনৰ কবিতাত নির্যাতিত মানুহৰ মুক্তিৰ পথৰ সন্ধান কৰিব পাৰি বুলি উল্লেখ কৰি কয়— 'ফুকনৰ কবিতাই আমাৰ জীৱন আৰু জগত সম্পৰ্কে, সাম্প্ৰতিক পৰিস্থিতি সম্পর্কে এক ৰাজনৈতিক সচেতনতা আনি দিয়ে। ফুকনৰ পৰা পোৱা এয়া আমাৰ উত্তৰাধিকাৰ আৰু ইয়াকে লৈ আমি আগুৱাই যাব লাগিব।'

অনুষ্ঠানত অংশগ্ৰহণ কৰা আন এগৰাকী বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে নীলমণি ফুকনক অসমীয়া জাতীয় জীৱনৰ ঐশ্বর্য বুলি উল্লেখ কৰে। 'নীলমণি ফুকনৰ কাব্যসত্য জীৱনসত্যৰ পৰা পৃথক নহয়। সমাজবোধ আৰু ইতিহাসে বাধৰ পৰাই কবিতাৰ ভাষা উচ্চাৰিত হয়। তেওঁৰ কবিতাই বাৰে বাৰে এই কথা প্রতিপন্ন কৰি দেখুৱাইছে। ' — এইদৰে কয় বৰকটকীয়ে।

প্ৰসংগক্ৰমে তেওঁ মন্তব্য কৰে যে কাব্য উপলব্ধিবোৰ আমাৰ মাজতেই থাকে। কবি বা কথাশিল্পীৰ কাম হৈছে উপলব্ধিৰ সৈতে পাঠকক সংযোগ কৰোৱা। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ বিষয়ে আলোচনা কৰে কবি মৃদুল হালৈয়ে। তেওঁ কবি ফুকনৰ কেইবাটাও কবিতাৰ নেপথ্যৰ বিষয়ে সাৱলীল বক্তব্য আগ বঢ়ায়। কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা অনুষ্ঠানটিত নীলমণি ফুকনৰ তিনিটা কবিতা পাঠ কৰি ময়ূৰী দত্তই শ্রোতা-দৰ্শকক আপ্লুত কৰে।

ইপিনে গ্ৰন্থমেলাৰ বাকৰিত অস্থায়ীভাৱে নিৰ্মাণ কৰা হোমেন বৰগোহাঞি সভাঘৰত এখন ব্যতিক্রমী অসমীয়া উপন্যাস 'কাজলী' উন্মোচিত হয়। এজনী হাতীক মুখ্য চৰিত্ৰ কৰি মাউত-ফান্দী আৰু হাতী চিকাৰৰ এক বিচিত্র জগত এই উপন্যাসখনৰ পটভূমি। প্রয়াত অমৰ বৰাই ৰচনা কৰা এই উপন্যাসখন উন্মোচন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈয়ে।

মন কৰিবলগীয়া যে কোভিড মহামাৰীৰ সময়ত গৃহবন্দী হৈ থকা অৱস্থাত এই উপন্যাসখন ৰচনা কৰাৰ পাছত কোভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয় লেখক অমৰ বৰাই। এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি হস্তীৰ ৰাণী খ্যাত পাৰ্বতী বৰুৱাই উপন্যাসখনৰ বিষয়ে প্রশংসাসূচক মন্তব্য আগ বঢ়ায়। একেটা সভাঘৰতে সন্ধিয়া উন্মোচিত হয় হেমন্ত কুমাৰ বায়নৰ কাব্যগ্রন্থ 'অনুভৱৰ শব্দ শিল্প'। এই অনুষ্ঠানত উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীকে ধৰি কেবাগৰাকীলেখক-সাহিত্যিক।

উল্লেখ্য যে অসম গ্ৰন্থমেলাৰ মূল মঞ্চত উন্মোচিত হয় মহাবীৰ চিলাৰায়ক লৈ নয়নজ্যোতি ভট্টাচাৰ্যই ৰচনা কৰা এখন ইতিহাসনির্ভৰ ব্যতিক্রমী উপন্যাস। এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া, বিশিষ্ট শিল্পী বীৰেণ সিংহ, বিশিষ্ট অভিনয় শিল্পীদ্বয় প্রাঞ্জল শ‍ইকীয়া, পূর্ণিমা পাঠক শ‍ইকীয়া, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু চিলাৰায়ৰ ১৭ তম পৰিনাতি প্ৰণৱ নাৰায়ণ দেৱে।

অসম গ্ৰন্থমেলাৰ দ্বিতীয় দিনাও চানমাৰি বাকৰিলৈ গ্ৰন্থপ্ৰেমীৰ সোঁত বয়৷ পুৱাৰ ভাগত পাতলীয়া বৰষুণে পুহমহীয়া শীত বৃদ্ধি কৰিলেও নিজৰ পছন্দৰ কিতাপখন বিচাৰি গ্ৰন্থমেলাস্থলীত ভিৰ কৰে পাঠক সমাজে। সন্ধিয়াৰ ভাগলৈ অধিক বৃদ্ধি পায় গ্রন্থপ্ৰেমীৰ ভিৰ। বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমাগমে আশাৰ বতৰা কঢ়িয়াই আনিছে। আজি বতৰে সামান্য বিঘিনি ঘটালেও অসম প্ৰকাশন পৰিষদকে ধৰি ৰাজ্যৰ তথা বাহিৰৰ পৰাও অহা প্ৰকাশন প্ৰতিষ্ঠানৰ বিপণীসমূহত বিক্ৰী আশাব্যঞ্জক হোৱা দেখা যায়।

উল্লেখ্য যে অসম গ্রন্থমেলাত যোগদান কৰা ১৫০ টা প্ৰকাশন প্ৰতিষ্ঠানৰ ভিতৰত আছে বাংলাদেশৰ ১০টা, নতুন দিল্লীৰ ১০টা আৰু কলকতাৰ ৫ টাকৈ প্ৰকাশন প্রতিষ্ঠান। তেওঁলোকেও আগন্তুক দিনকেইটাত গ্ৰন্থ বিক্ৰীৰ হাৰ উৎসাহজনক হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইপিনে আজি সন্ধিয়া গ্ৰন্থমেলাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে লেখক তথা উচ্চপদস্থ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই। সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে হীৰকজ্যোতি শৰ্মাৰ লোক-সংস্কৃতিৰ দল আৰু ৰামপুৰৰ ঢুলীয়া শিল্পীসকলে।

আনহাতে শুকুৰবাৰে বিয়লি ২ বজাত 'আসাম বিলাসিনী' কাকত প্ৰকাশৰ ডেৰশ বছৰ উপলক্ষে অসম গ্রন্থমেলাত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব৷ 'অসমীয়া সমাজ জীৱন আৰু জাতীয় চেতনাৰ উন্মেষত আসাম বিলাসিনীৰ ভূমিকা' শীর্ষক এই অনুষ্ঠানত অংশগ্রহণ কৰিব বিশিষ্ট লেখক, সমালোচক, গৱেষক ড° গোৱিন্দ প্ৰসাদ শৰ্মা, ড° পৰমানন্দ মজুমদাৰ, ড° প্রাঞ্জল শৰ্মা বশিষ্ঠ আৰু সমুদ্রগুপ্ত কাশ্যপে। অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে অসম প্ৰকাশন আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in