বাক্সাৰ গোৱৰ্দ্ধনাত বানপীড়িত অঞ্চল পৰিদৰ্শন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ…

বাক্সাৰ গোৱৰ্দ্ধনাত বানপীড়িত অঞ্চল পৰিদৰ্শন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ…

ডিজিটেল সংবাদ, শালবাৰীঃ "নন বিটিএডিৰ প্ৰশাসনে বিটিএডিত কাম কৰিব নোৱাৰে৷ যেনেদৰে বৰপেটাৰ পাঠশালা থানাই বাক্সাৰ গোৱৰ্দ্ধনা থানা এলেকাত কাম কৰিব নোৱাৰে তেনেদৰে নন বিটিএডি প্ৰশাসনেও বিটিএডি এলেকাত একো কাম কৰিব নোৱাৰে৷" এই তাৎপৰ্যপূৰ্ণ মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷

বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত উপস্থিত হৈ বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে বেঁকী নদীয়ে প্লাৱিত কৰা গোৱৰ্দ্ধনা অঞ্চলৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ আগত এনেদৰে মন্তব্য কৰে৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি চলি থকা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা বেঁকী নৈৰ পানীয়ে বৃহত্তৰ গোৱৰ্দ্ধনা অঞ্চল প্লাৱিত কৰি খাগ্ৰাবাৰী,এলেঙামাৰী,নাৰায়ণগুৰি,ননকে,খাগ্ৰাবাৰী,চূণবাৰী,বিশপানী,ওডালগুৰি,বালিপুৰ,বাৰাপেটা,লাবদাংগুৰি আদি কেবাখনো গাওঁৰ পৰিয়ালক গৃহহাৰা কৰিছিল৷

স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে বানপীড়িত অঞ্চলটোত উপস্থিত হৈ বানপীড়িত লোকসকলৰ খবৰ লয়৷ কিন্তু তাৰ মাজতে স্থানীয় ৰাইজে বিধায়ক গৰাকীক বেঁকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ আবেদন জনোৱাত বিধায়কগৰাকীয়ে এনেধৰণৰ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ হেনো বিটিএডিত কাম কৰিব নোৱাৰে৷ বিপিএফৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক বিষয়টো অৱগত কৰিবলৈ বানাক্ৰান্ত ৰাইজক পৰামৰ্শ দি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় নন বিটিএডিৰ মানুহে হেনো বিটিএডিত কাম কৰিব নোৱাৰে৷ পাঠশালা থানাৰ আৰক্ষীয়ে গোৱৰ্দ্ধনা থানা এলেকাত একো কৰিব নোৱাৰে৷

এতিয়া প্ৰশ্ন হয় কোনে কৰিব বৃহত্তৰ গোৱৰ্দ্ধনা অঞ্চলৰ উন্নয়নৰ কাম৷ বিটিচি নে ৰাজ্য চৰকাৰে? খোদ ৰাজ্যিক বিজেপিৰ সভাপতিৰ বানাক্ৰান্তলৈ আগবঢ়োৱা এনেধৰণৰ মন্তব্যই আচলতে কি বাৰ্তা বহন কৰে? এখন চৰকাৰৰ পৰা এনে বিপদৰ মুহূৰ্তত বানাক্ৰান্তই আচলতে আশা কৰিব পাৰে কি??

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in