শুকুৰবাৰে অসম বন্ধৰ পৰা ৰেহাইৰ আহ্বান

শুকুৰবাৰে অসম বন্ধৰ পৰা ৰেহাইৰ আহ্বান

ডিজিটেল ডেস্কঃ আদিৱাসীসকলৰ জনজাতিকৰণৰ দাবীত উমৈহতীয়া আদিৱাসী মহাসভা মঞ্চই শুকুৰবাৰে অসম বন্ধৰ আহ্বান জনাইছে। জনজাতিকৰণৰ নামত আদিৱাসীসকলক বিভাজনৰ চক্ৰান্ত কৰা হৈছে বুলি দাবী কৰি ভাৰতবৰ্ষৰ অন্যান্য স্থানত বসৱাস কৰা আদিৱাসী লোক সকলে যিদৰে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে, ঠিক তেনেদৰেই অসমত থকা আদিৱাসী লোকসকলকো জনজাতিৰ মৰ্যাদা প্ৰদান কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে আদিৱাসী মহাসভা মঞ্চই।

আনফালে, এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাই। চৰকাৰৰ দুমুখীয়া নীতিক সমালোচনা কৰি সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাই একাংশক বঞ্চিত কৰা আন একাংশক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ ওলোৱা কাৰ্যক তীক্ষ্ন সমালোচনা কৰে। যোৱা ১৬ জানুৱাৰীত এক বিবৃতি যোগে ছাত্ৰ সংগঠনটোৱে জাতীয় মহাসভাৰ অসম বন্ধক সমৰ্থন জনায় যদিও বন্ধৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰে।

শুকুৰবাৰে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাত অসম বন্ধ ৰেহাই দিবৰ বাবে আহ্বান জনায় আদিৱাসী মহাসভাক। তিনিচুকীয়া জিলাৰ বৰডুমচা ২নং মহং পথাৰত ১৬তম আদিৱাসী মহাসভা চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা বাবেই তিনিচুকীয়া জিলাত অসম বন্ধ ৰেহাই দিবলৈ আহ্বান জনালে ছাত্ৰ সংগঠনটোৱে।

আনফালে ১৮ জানুৱাৰীত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৮ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিৰুদ্ধে অসম বন্ধৰ প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা কেইবাজনো সংগঠনৰ নেতাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধৰ ঘোষণা কৰিছে। বুধবাৰে এক বিবৃতিযোগে এই বন্ধৰ কথা ৰাজহুৱা কৰে সংগঠনকেইটাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in