শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

মাদ্ৰাছৰ অসম এছ’চিয়েছন আৰু জনতা দল ইউনাইটেডৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ খাদ্য সামগ্ৰীসহ ১.৭৫ লাখ টকা

164

ডিজিটেল ডেস্কঃ সমাজ এখনেই। সমাজত বাস কৰা লোকসকলৰ চিন্তাৰ থাকে ভিন্নতা। কোনো লোক যদি ইতিবাচক, আন কোনো নেতিবাচক। সমাজত থাকে ভিন্ন চিন্তাধাৰাৰ অনেক মানুহ। যিসকলৰ কিছু লোক সকলো ফালৰে পৰাই সমৃদ্ধ আৰু আন কিছু লোক সামান্য সুবিধাৰ পৰাও বঞ্চিত।

এনে দুই ধৰণৰ মানুহ আছে যদিও আনৰ দুখত দুখী হোৱা মানুহ আজিৰ সমাজত তেনেই তাকৰ। লগতে এচামৰ ধনে ধানে সকলো ফালৰ পৰা ভাল অৱস্থা হোৱাৰ পাছতো আনক সহায় কৰিব পৰা মনটো নথকাৰ বাবেই তেওঁলোকে কাকো একো দিব নোৱাৰে।
কিন্তু সমাজত নিজা উপাৰ্জনেৰে চলা কিছুমান বহল মনৰ মানুহেও আনৰ বিপদৰ সময়ত নিজৰ সকলো আনৰ বাবে আগবঢ়াই আহিছে।

ৰাজ্যত অহা প্ৰচণ্ড বানে ক্ষতি কৰিলে ৩০ খন জিলাৰ জনসাধাৰণক। বন্যাৰ্তক সহায় কৰিবলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি-বিশেষ আগবাঢ়ি আহিছে। কোনো লোকে যদি সাহায্য সামগ্ৰীৰ যোগান ধৰিছে, আন কোনো লোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে আৰ্থিক সাহায্য।

সোমবাৰে অসম এছ’চিয়েছন, মাদ্ৰাছ আৰু জনতা দল ইউনাইটেডেও ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ১ লাখ ৭৫ হাজাৰ টকা। অসম এছ’চিয়েছন, মাদ্ৰাছ আৰু জনতা দল ইউ’নাইটেড অসমৰ কাৰ্যকৰী সভাপতি কৌশিক প্ৰাণ শৰ্মাৰ সহযোগত আগবঢ়োৱা হয় এই ধনৰাশী। ইফালে আৰ্থিক সহযোগিতাৰ লগতে তেওঁলোকে প্ৰদান কৰে এক ট্ৰাক খাদ্য সামগ্ৰী।

ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে বান-পৰিস্থিতিৰ ফলত বিভিন্ন অঞ্চলৰ লাখ-লাখ লোকৰ জীৱন সম্পত্তি নষ্ট হোৱাৰ খবৰ সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পিছতে এনেদৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে মাদ্ৰাজৰ অসম এছ’চিয়েছন। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰদান কৰা হয় এই ধনৰাশী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি