অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিঃ সীমান্তৰ সমস্যাক লৈ কমলাক্ষ দে’ পুৰকায়স্থই কৰিছিল প্ৰশ্ন..

অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিঃ সীমান্তৰ সমস্যাক লৈ কমলাক্ষ দে’ পুৰকায়স্থই কৰিছিল প্ৰশ্ন..
  • অসম বিধানসভাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
  • অসম-মিজোৰাম সীমা সমস্যাক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে সদন।
  • কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই সীমান্তৰ সমস্যা সন্দৰ্ভত উত্থাপন কৰিছিল প্ৰশ্ন।
  • ৬ জনকৈ আৰক্ষী জোৱান কি পৰিস্থিতিত মৃত্যু হ'ল সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে।
  • কমলাক্ষ দে' পুৰকায়স্থৰ এই প্ৰশ্নত কংগ্ৰেছৰ দিনত সীমান্তত ৩৪ জন আৰক্ষী জোৱান নিহত হোৱা বুলি মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।
  • ইয়াৰ পাছতে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী বিধায়কেও একগোট হৈ উভতি ধৰে মন্ত্ৰীগৰাকীক।
  • শাসকীয় বিধায়ক সকলেও একগোট হৈ সদনত থিয় হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
  • বিৰোধী আৰু শাসক পক্ষৰ বিধায়কসকল অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি যায়।
  • বিৰোধী বিধায়কে হাতে হাতে প্লে'কাৰ্ড লৈ অধ্যক্ষৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰিলে।
  • শাসকীয় বিধায়কে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সমৰ্থনত আসনৰ পৰা উঠি যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in