অসমৰ বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তুতি, অচিৰেই গৃহ মন্ত্ৰালয়ে জাৰি কৰিব অধিসূচনা…

অসমৰ বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তুতি, অচিৰেই গৃহ মন্ত্ৰালয়ে জাৰি কৰিব অধিসূচনা…

ডিজিটেল ডেস্কঃ ৰাজ্যত 'কা' বিৰোধী আন্দোলন, ৬ নং দফাৰ প্ৰতিবেদন গৃহমন্ত্ৰালয়ে গ্ৰহণ নকৰা সন্দৰ্ভত চৰ্চা চলি থাকোতেই আন এক খবৰ পোহৰলৈ আহিছে। এই খবৰ অনুসৰি অসমৰ ১২৬টা বিধানসভা সমষ্টিৰে সীমা নিৰ্ধাৰণ হ'ব নতুনকৈ।

গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰিছে ইতিমধ্যে। এই সপ্তাহৰ ভিতৰতেই অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে জাৰি হ'ব অধিসূচনা। নতুনকৈ ৰাজ্যখনৰ বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পৰ্ব ৬ মাহৰ ভিতৰত সম্পন্ন কৰাৰ লক্ষ্য হোৱা হৈছে বুলিও জানিব পৰা গৈছে।

সংখ্যালঘু অধ্যূষিত সমষ্টিসমূহক বিশেষভাৱে লক্ষ্য কৰি লৈ বিধানসভাৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ এই তৎপৰতাৰ আঁৰত আছে বিজেপিৰ বিশেষ লক্ষ্য। ভোটৰ ৰাজনীতিত ২০২১চনত জয়ী হ'ব পৰাকৈ জনবিন্যাসৰ ভিত্তিত সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিলে শাসকীয় বিজেপি দলে সেই সমষ্টিসমূহত জয় লাভ কৰাৰ সম্ভাৱনা আছে।

তেনে উদ্দেশ্যৰে অসমৰ বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত বৰপেটা, ধুবুৰী, নগাঁও, লখিমপুৰ, ধেমাজি আদি সমষ্টিৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলিও সূত্ৰটোৱে ক'ব খোজে। অসম, জম্মু-কাশ্মীৰৰ লগতে মুঠ তিনিখন ৰাজ্যৰ বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'ব।

যোৱা নিৰ্বাচনত বিজেপিয়ে ৬খন ৰাজ্যত ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হৈছিল। দিল্লীতো মুখ থেকেচা খাইছিল অমিত শ্বাহ-মোডী বাহিনীয়ে। সেয়েহে ২০২১চনত অসমত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত যাতে বিজেপি পৰাজয় হ'ব লগা নহয় সেই ৰাজনৈতিক উদ্দেশ্য আগত ৰাখিয়েই এই সীমা নিৰ্ধাৰণ পৰ্ব সম্পন্ন কৰিবলৈ আগবাঢ়িছে বুলিও চৰ্চা চলিছে।

উল্লেখযোগ্য যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো অসমৰ বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে চেষ্টা কৰা হৈছিল। সেই উদ্দেশ্যে সমষ্টিৰ সময় নিৰ্ধাৰণৰ বাবে এখন আয়োগো গঠন কৰা হৈছিল। সেই আয়োগে সমষ্টিৰ সীমা সমূহ পুনৰ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা জমা দিয়া বুলি সেই সময়ত খবৰো প্ৰকাশ পাইছিল।

নিৰ্বাচন আয়োগে ২০০৭চনৰ ১০ মে'ত সংবাদমাধ্যমত প্ৰকাশিত খবৰক অস্বীকাৰ কৰি আয়োগে তেনে কোনো চূড়ান্ত খচৰা প্ৰস্তুত নাই কৰা বুলি প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল। ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা এই বিজ্ঞপ্তিত চূড়ান্ত খচৰা প্ৰস্তুত কৰা নাই বুলি উল্লেখ কৰি এনে সিদ্ধান্ত ল'লে সেই সন্দৰ্ভত অসমৰ সকলো শ্ৰেণীৰ লোকৰ মতামত গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰা হৈছিল।

তাৰপাছতেই এই বিষয়টো তল পৰিল যদিও, পুনৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ নতুনকৈ সীমা নিৰ্ধাৰণ কৰাৰ পদক্ষেপ হাতত লৈছে এতিয়া বিজেপি চৰকাৰে। অৱশ্যে সমষ্টিৰ সংখ্যা বৃদ্ধি হ'ব নে নহয় বা বৃদ্ধি হ'লে কিমানটা সমষ্টি নতুনকৈ গঠন কৰা হ'ব সেই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

এইটো ঠিক যে, পূৰ্বৰ বহু কেইটা সমষ্টিৰ আকাৰ সালসলনি কৰি নিৰ্বাচনী ফলাফল যাতে বিজেপিৰ পক্ষত যায় তাৰ বাবে এই তৎপৰতাও যে গ্ৰহণ কৰিছে সেই সম্ভাৱনা স্পষ্ট হৈছে। অসমৰ ১২৬টা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লে অসমৰ ৰাজনীতিও সলনি হোৱাৰ ইংগিত বহন কৰিছে।

সেই পৰিস্থিতিত এই সীমা নিৰ্ধাৰণ পৰ্ব লৈ সকলোৱে এতিয়া দৃষ্টি ৰাখিছে। গৃহ মন্ত্ৰালয়ে অধিসূচনা জাৰি কৰাৰ পাছতহে সেই সন্দৰ্ভত সবিশেষ জানিব পৰা যাব। পূৰ্বতে অসমৰ বিধানসভা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত গঠন কৰা আয়োগে যি খচৰা প্ৰস্তুত কৰিছিল সেই খচৰা হয়তো সালসলনি হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in