বিধায়কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অগনতান্ত্ৰিক মন্তব্যৰ বিৰুদ্ধে বিৰোধীৰ সন্মিলিত প্ৰতিবাদ

বিধায়কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অগনতান্ত্ৰিক মন্তব্যৰ বিৰুদ্ধে বিৰোধীৰ সন্মিলিত প্ৰতিবাদ

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমখন বাজেট অধিবেশন ১২ জুলাইৰ পৰা আৰম্ভ হৈছে। প্ৰায় এমাহ ধৰি চলিবলগীয়া এই অধিবেশনৰ প্ৰথম দিনাই বিৰোধী পক্ষই সন্মিলিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। কিছু দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই বিধায়কসকলৰ সন্দৰ্ভত কৰা অসাংবিধানিক মন্তব্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে এখন ৰাজহুৱা সভাত অংশলৈ মুখ্যমন্ত্ৰী শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাত আৰু তেওঁলোকে আইন প্ৰণয়নহে কৰিব পাৰে বুলি মন্তব্য কৰিছিল। আনকি উপভোক্তাসকলৰ নাম অভিভাৱক মন্ত্ৰীয়ে নিৰ্বাচন কৰাৰ লগতে জিলাৰ উচ্চপদস্থ বিষয়াসকলে কেৱল মন্ত্ৰীৰ কথা শুনিব বুলি কৰা মন্তব্যৰ বিৰোধ কৰে বিৰোধী বিধায়ক সকলে।

বিৰোধী বিধায়কসকলে বিধানসভাৰ চৌহদত থকা বি. আৰ. আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভালৈ যোৱাৰ প্ৰস্তুতি চলাইছিল যদিও উক্ত স্থানত টলা মাৰি দিয়াত বিধানসভাৰ পুথিভঁৰালৰ সমীপৰ পৰা এই প্ৰতিবাদ সাব্যস্ত কৰে।

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কই যে, বিধায়কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এনে মন্তব্য অগণতান্ত্ৰিক আৰু মুখ্যমন্ত্ৰীয়ে এই মন্তব্য প্ৰত্যাহাৰ কৰাৰো দাবী জনায়। বিষয়টো সন্দৰ্ভত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰো দৃষ্টি গোচৰ কৰিছে বিৰোধী পক্ষই।

এই সন্মিলিত প্ৰতিবাদত অবশ্যে বি পি এফৰ কোনো বিধায়কে অংশ নললে। ইফালে সদনত বিৰোধীয়ে মূল্য বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত কৰি প্ৰস্তাৱ উত্থাপন কৰিছিল। বিধানসভাৰ অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱত অনুমোদন নজনোৱাত সদনত এখ উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পাছতেই বিৰোধী বিধায়কসকলে সন্মিলিতভাৱে সদন ত্যাগ কৰে।

কাৰাগাৰৰ পৰা মুক্ত হৈ এই বাজেট অধিবেশনত অংশ লোৱা অখিল গগৈয়ে সদনত কেইবাটাও মৌখিক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছিল যদিও তেওঁক এটাও মৌখিক প্ৰশ্নৰ বাবে অনুমতি নিদিলে বিধানসভাৰ অধ্যক্ষই।   

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in