চীনৰ চাংপু নদীত কৃত্ৰিম বান, অসম-অৰুণাচলত ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা

চীনৰ চাংপু নদীত কৃত্ৰিম বান, অসম-অৰুণাচলত ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা
  • ভূমিস্খলনৰ বাবে চীনৰ য়াৰলুং জাংব' নৈত সৃষ্টি হোৱা কৃত্ৰিম বান্ধৰ ওপৰেৰে পানী বোৱাক লৈ ডিব্ৰুগড়ত প্ৰশাসনৰ হাই এলাৰ্ট জাৰি।
  • দ্ৰুতগতিত বৃদ্ধি পাইছে চিয়াঙৰ জলপৃষ্ঠ।
  • যিকোনো মুহূৰ্ততে বৃদ্ধি হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠও।
  • এই আশংকাৰ বাবেই ডিব্ৰুগড়ত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে।
  • ইফালে উত্তৰ অসমটো জলপ্ৰলয়ৰ আশংকাত ধেমাজি, লখিমপুৰ, গহপুৰ আৰু তেজপুৰত জাৰি কৰা হৈছে হাই এলাৰ্ট।
  • ব্ৰহ্মপুত্ৰত যিকোনো ধৰণৰ নাও চলাচলত নিষেধাজ্ঞা জনাইছে প্ৰশাসনে।
  • ব্ৰহ্মপুত্ৰত ফেৰী চলাচল বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ।
  • শনিবাৰৰ পুৱাৰে পৰা বন্ধ ডিব্ৰুগড়ৰ বগীবিল আৰু ধেমাজিৰ কাৰেংবালিৰ মাজৰ ফেৰীসেৱা।
  • বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ সৈতে বৰ্ধিত পানী সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বাৰ্তালাপ।
  • যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সোনোৱালক নিৰ্দেশ সুষমা স্বৰাজৰ।
  • যিকোনো মুহূৰ্ততে দেখা দিব পাৰে জলপ্ৰলয়ে।
  • তিনিচুকীয়া প্ৰশাসনক সষ্টম হৈ থকাৰ নিৰ্দেশ সৰ্বানন্দ সোণোৱালৰ।
  • য়াৰলুং জাংব'ত সৃষ্টি হোৱা কৃত্ৰিম বান্ধৰ ওপৰেৰে বৈছে পানী।
  • বান্ধটো সম্পূৰ্ণৰূপে ভাঙি গ'লে অৰুণাচল প্ৰদেশ আৰু উত্তৰ অসমত সৃষ্টি হ'ব পাৰে ভয়ংকৰ বান।
  • ইতিমধ্যে দ্ৰুতগতিত বৰ্হিৰাজ্যৰ পৰা অসমলৈ অনা হৈছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল।
  • কলকাতাৰ পৰা ডিব্ৰুগড়লৈ ৬টা কৈ এন ডি আৰ এফৰ দল অনা হৈছে।
  • ইফালে পাচিঘাটত শনিবাৰৰ ভিতৰত ৮টা দল উপস্থিত হব।
  • ইয়াৰ লগতে জোনাইটো উপস্থিত হ'ব এন ডি আৰ এফৰ ৪টা দল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in