এটা সপ্তাহত দ্বিতীয়বাৰৰ বাবে অসমৰ ভূমি বেদখলৰ অপচেষ্টা অৰুণাচলীৰঃ হাতে হাতে মাৰনাস্ত্ৰলৈ অসমীয়াক ভাবুকি…

এটা সপ্তাহত দ্বিতীয়বাৰৰ বাবে অসমৰ ভূমি বেদখলৰ অপচেষ্টা অৰুণাচলীৰঃ হাতে হাতে মাৰনাস্ত্ৰলৈ অসমীয়াক ভাবুকি…

ডিজিটেল সংবাদ শিমলুগুৰিঃ লখিমপুৰ জিলাৰ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ পথালিপাহাৰৰ আদৰ্শ গাঁৱত পুনৰ অসমৰ ভূমি অৰুণাচলীয়ে বেদখলৰ অপচেষ্টা চলাইছে। মঙ্গলবাৰে একাংশ অৰুণাচলীয়ে মাৰনাস্ত্ৰ লৈ অসমৰ ভূমিত হাবি কাটি বেদখলৰ অপচেষ্টা কৰে ৷ জানিব পৰা মতে হাতত দা , মাৰনাস্ত্ৰ লৈ অসমৰ ভূমিত অসমৰ মানুহক ধমক দি অসমৰ মাটি দখলৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য, নিতৌ নতুন নতুন তথা সন্দেহজনক অৰুণাচলীৰ দৃষ্টি অসমৰ ভূমিত। বিগত ২০ বছৰ কাল বিহপুৰীয়া সমষ্টিৰ যিসকল ভূমিহীন আৰু গৰাখহনীয়াত নিশেষ হোৱা লোক, সেইসকলে উক্ত স্থানত ঘৰ নিৰ্মাণ কৰি বসবাস কৰি আহিছে ৷

মঙ্গলবাৰে পথালি পাহাৰৰ একাংশ ভূমিৰ গৰাকীক অৰুণাচলীয়ে মাৰনাস্ত্ৰ লৈ শাৰীৰিক ভাবে আক্ৰমণৰ চেষ্টা কৰে ৷ কিন্তু ইয়াৰ পিছতো অসমৰ লখিমপুৰ জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ স্মৰ্তব্য যে, যোৱা ৫ জানুৱাৰীতো উল্লেখিত ঠাইত অৰুনাচলী লোকে বন্দুক-পিষ্টল দেখাই ভূমি বেদখলৰ চেষ্টা কৰিছিল।

সেই সময়ত একাংশ অসমৰ লোকে গৃহ নিৰ্মাণ কৰি থকা অৱস্থাত চাৰি-পাঁচজনীয়া বন্দুককধাৰী অৰুণাচলীয়ে উক্ত স্থান এৰিবলৈ দাবী-ধমকি দিছিল ৷ অসমৰ চৰকাৰী আঁচনিৰ নাম ফলক ভাঙি অৰুণাচলীয়ে ভূমি বেদখলৰো চেষ্টা চলাই আহিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in