অসম চৰকাৰৰ আৰোগ্য নিধিলৈ কুঁজি সত্ৰৰ টেট শিক্ষকৰ বৰঙণি…

অসম চৰকাৰৰ আৰোগ্য নিধিলৈ কুঁজি সত্ৰৰ টেট শিক্ষকৰ বৰঙণি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়াইছে এজন টেট শিক্ষকে। বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুঁজি সত্ৰৰ নৃপেন চন্দ্ৰ হীৰাই দহ হাজাৰ (১০০০০) টকাৰ এখন চেক বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ হাতত অৰ্পণ কৰি অসম আৰোগ্য নিধিলৈ প্ৰদান কৰে।

ইয়াৰোপৰি মহানুভৱ শিক্ষক গৰাকীয়ে বিত্তমন্ত্ৰীৰ আহ্বান ৰক্ষা কৰি বন্ধু সৰ্বেশ্বৰ হীৰা, মাধৱ হীৰা আৰু বাবুলী হীৰাৰ সহযোগত কুঁজি সত্ৰৰ হীৰা গাাঁৱৰ দুখীয়া লোকসকলক চাউল, দালি, আলু, মিঠাতেল, মাছ আৰু নগদ ধন দি সহায়ৰ হাত আগবঢ়াইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in