অসম কৃষি বিশ্ববিদ্যালয়ৰ অনলাইন ডিষ্টেন্স লাৰ্ণিঙ প্ৰগ্ৰেম, পদ্ধতিগত বন্যজীৱৰ গৱেষণাৰ অভিলাষী আঁচনি…

অসম কৃষি বিশ্ববিদ্যালয়ৰ অনলাইন ডিষ্টেন্স লাৰ্ণিঙ প্ৰগ্ৰেম, পদ্ধতিগত বন্যজীৱৰ গৱেষণাৰ অভিলাষী আঁচনি…

ডিজিটেল সংবাদ যোৰহাট : কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত অনলাইন দূৰ শিক্ষা ব্যৱস্থা প্ৰবৰ্তনৰ লগতে অসমত প্ৰথমবাৰৰ বাবে বন্যজীৱৰ ওপৰত পদ্ধতিগতভাৱে শিক্ষা আৰু গৱেষণা আৰম্ভ কৰাৰ অভিলাসী আঁচনি গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে । নববৰ্ষৰ প্ৰথম দিনটোতে অসমৰ কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত বৃহৎ পৰিবৰ্তন সাধন কৰিব পৰা এই অভিলাসী আঁচনিৰ বিষয়ে প্ৰকাশ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই শনিবাৰে নববৰ্ষ উপলক্ষে বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে ।

বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত তেখেতে এই বিষয়ে কয় যে অসমত বৰ্তমানলৈকে পদ্ধতিগতভাবে বন্যজীৱৰ ওপৰত যথোচিত গৱেষণা হোৱা নাই । সেয়ে আমাৰ বিশ্ববিদ্যালয়ে উৎসৰ্গীকৃত মনোভাবেৰে এই দিশত গৱেষণাৰ বাবে আগবাঢ়িব । তাৰবাবে আমি নিজাকৈ এটা বন্যজীৱ কেন্দ্ৰ , বন বিভাগ বা এই দিশৰ সংশ্লিষ্ট সকলৰ লগত আলোচনাৰ মাধ্যমেৰে আগবাঢ়িম । আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষক বিজ্ঞানী সকলে এই দিশৰ লগত জড়িত হব । নতুন ডিজিটেলাইজেশ্যন পদ্ধতিৰ অধীনত অনলাইন ডিষ্টেনচ লাৰ্নিঙ প্ৰগেম আৰম্ভ কৰা হব বুলি প্ৰকাশ কৰি কয় যে বিশ্ববিদ্যালয়ে সমন্বিত বিশ্ববিদ্যালয় ব্যৱস্থাপনা পদ্ধতিৰ অধীনত এই দিশত আগবাঢ়িব ।

প্ৰাকৃতিক কৃষি পাম ব্যৱস্থাপনাৰ শিক্ষা আৰু গৱেষণাৰ বাবেও বিশ্ববিদ্যালয়ে ব্যৱস্থা গ্ৰহণ কৰিছে । বিশ্ববিদ্যালয়ে এইবাৰ ২০০ হেক্টৰ ভূমিত দুতৰপীয়া খেতি কৰাৰ বাবেও আচনি গ্ৰহণ কৰাৰ লগতে কৃষি উদ্যাগীক অনুপ্ৰেৰণামুলকভাবে আগবঢ়াই নিবলৈ ' ষ্টাৰ্ট আপ ' আচনিৰ জৰিয়তে অধিক অগ্ৰসৰ হব । কৃষি শিক্ষা আৰু গৱেষণাৰ সমান্তৰালভাবে কৃষি উদ্যোগী গঢ়াৰ প্ৰচেষ্টাত অসম কৃষি বিশ্ববিদ্যালয় অধিক আগুৱাই নিবলৈ যত্ন কৰা হব বুলি প্ৰকাশ কৰি উপাচাৰ্য গৰাকীয়ে কয় যে আমি ইতিমধ্যে ক্লাষ্টাৰ বেচ বিজিনেচ অৰ্গেনাইজেশ্যন হিচাপে পৰিচিতি লাভ কৰিছো আৰু এই দিশত অধিক কৰণীয় খিনি আমি কৰি যাম ।

অসম কৃষি বিশ্ববিদ্যালয়ে আমাৰ গাও আমাৰ গৌৱৰ আচনিৰ জৰিয়তে কৃষকৰ পথাৰলৈকে যাত্ৰা কৰাৰ সমান্তৰালভাবে কৃষক উৎপাদক গোটসমুহৰ সৈতে লগলাগি অসমক কৃষি উৎপাদন বৃদ্ধি তথা কৃষি আৰু আনুসংগিক খণ্ডৰ ব্যৱসায়ৰ দিশত তৃণমুল পৰ্যায়ত সবল পৰিকাঠামো গঢ় দিবলৈ যত্ন কৰিছে । আমাৰ গাঁও আমাৰ গৌৰৱ আচনিৰ জৰিয়তে আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হব পাৰিম বুলি ভাবিছো । অসম কৃষি বিশ্ববিদ্যালয়ে ২০২১ বৰ্ষত কৃষি শিক্ষা আৰু গৱেষণা তথা সম্প্ৰসাৰণৰ দিশত লাভ কৰা সফলতাৰ খতিয়ান ডাঙি ধৰি অসমক ধানৰ বীজ উৎপাদনত স্বাৱলম্বী কৰাৰ লগতে কৃষি ক্ষেত্ৰত অসমৰ সামগ্ৰিক উন্নতিৰ লগতে বিশ্ববিদ্যালয়ে নিজা আয় বৃদ্ধিৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাইয়ে আত ধৰা এই অনুষ্ঠানটো ইউটিউবৰ জৰিয়তে পোনপতীয়া সম্প্ৰচাৰ কৰা হয় আৰু বিশ্ববিদ্যালয়ৰ আটাইকেইখন মহাবিদ্যালয় আৰু বহি: কেন্দ্ৰৰ বিজ্ঞানী ,কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে প্ৰত্যক্ষ কৰে । এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিজ্ঞানগুৰুসকল ,সঞ্চালকসকল ,বিভিন্ন বিভাগীয় মুৰব্বী অধ্যাপকসকল , অধ্যাপক-অধ্যাপিকাসকল,বিষয়াসকল ,কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in