ছাত্ৰীলৈ নজৰ ! কৃষি বিশ্ববিদ্যালয়ৰ অধ্যপকক নিলম্বন…

ছাত্ৰীলৈ নজৰ ! কৃষি বিশ্ববিদ্যালয়ৰ অধ্যপকক নিলম্বন…

ডিজিটেল ডেস্ক : এইবাৰ বিতৰ্কত আন এখন বিশ্ব বিদ্যালয় । ডিব্ৰুগড় ,কটন বিশ্ববিদ্যালয়ৰ পিছত এজন অধ্যাপকে কালিমা সানিলে অসম কৃষি বিশ্ববিদ্যালয়ত । অভিযোগ অনুসৰি এগৰাকী গবেষক ছাত্ৰীক অধ্যাপক গৰাকীয়ে শাৰীৰিক নিৰ্যাতন চলাইছিল ।

কিছুদিনৰ পূৰ্বে উদ্যান শস্য বিভাগৰ অধ্যাপক গৰাকীৰ তত্বাবধানত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে গৈছিল এটা দল । এই দলটোত আছিল এই বিভাগৰে এজনী গৱেষক ছাত্ৰী । অভিযোগ মতে ছাত্ৰী গৰাকীক সুৰাপান কৰাই অধ্যাপক গৰাকীয়ে গাত হাত দিছিল ।

এই সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয় খনৰ কতৃপক্ষক লিখিত ভাবে জনাইছিল বুলি এক সূত্ৰই জানিব দিয়ে । তাৰ পিছতে এই ঘটনা পোহৰলৈ আহে আৰু বিশ্ববিদ্যালয় খনৰ চৌহদত ইয়াক লৈ চৰ্চা চলে । অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এই অভিযুক্ত অধ্যাপক গৰাকীক নিলম্বন কৰা বুলিও জানিব দিছে যদিও বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে তেনে নিৰ্দেশনা এতিয়ালৈ দেখা নাই বুলি সদৰি কৰিছে । জানিব পৰা মতে এই অভিযোগত সাঙুৰ খাই পৰা অধ্যাপক গৰাকীৰ নাম বিজিত সাউদ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in