সোমবাৰে ৰাজ্যৰ ৯ সংগঠনৰে আলোচনাত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে সোমবাৰে ৰাজ্যৰ ৯ সংগঠনৰে আলোচনাত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • নিশাৰ ভাগত সংগঠনকেইটাৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
  • ৯টা সংগঠনৰ ভিতৰত আছে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, কোচঁ ৰাজবংশী ছাত্ৰ সন্থা, আদীবাসী ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থা।
  • আটাইকেইটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব বুলি জানিব পৰা গৈছে।
  • ইয়াৰ পূৰ্বেও কেবাটাও সংগঠনে সাক্ষাৎ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in