অসমৰ ২৪ জন লোকৰ দেহত কোৰোনা

অসমৰ ২৪ জন লোকৰ দেহত কোৰোনা

ডিজিটেল ডেস্কঃ অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰে এজনো লোকৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ অহা নাছিল যদিও শুকুৰবাৰে ৪ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। যাৰ বাবে অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে। ইফালে দিল্লীত কোৰোনাত আক্ৰান্ত অসমৰ ৪ জন লোকৰ সৈতে অসমৰ মুঠ ২৪ গৰাকী লোকৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে।

শুকুৰবাৰে কোৰোনাত আক্ৰান্ত লোককেইজনৰ ৩ গৰাকী নলবাৰী জিলাৰ। ইফালে এগৰাকী লোক দক্ষিণ শালমাৰা জিলাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, পূৰ্বৰ ৰোগীকেইগৰাকীৰ দৰেই শুকুৰবাৰে কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ অহা লোককেইজনো গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰাৰ পিছতে নলবাৰী জিলাৰ লোকসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো ইয়াৰ পূৰ্বেও নলবাৰী জিলাত এগৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছিল।

ইফালে নিজামুদ্দিন মাৰ্কাজলৈ যোৱা ইগৰাকীৰ পিছত সিগৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যখনতে আতংকৰ সৃষ্টি হৈছে। এতিয়াও সন্ধানহীন হৈ আছে নিজামুদ্দিন মাৰ্কাজলৈ যোৱা কেবাজনো লোক। সৰুসজাইলৈ ৭২ গৰাকী লোকক আইছ'লেশ্যনৰ বাবে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অনা হৈছিল। শুকুৰবাৰে সন্ধিয়াৰ ভাগত পুনৰ কেবাগৰাকী লোকৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ফলাফল প্ৰকাশ কৰিব স্বাস্থ্য বিভাগে।

শুকুৰবাৰে কোৰোনাত আক্ৰান্ত হোৱা লোককেইজনৰ নাম বৰ্তমানলৈকে চৰকাৰে সদৰি কৰা নাই। ইয়াৰ পূৰ্বে কোৰোনাত আক্ৰান্ত হোৱা লোকসকল হৈছে-

৩১ মাৰ্চত কোৰোনাত আক্ৰান্ত হৈছিল-

  • কৰিমগঞ্জৰ ৫২ বছৰীয়া জামাল উদ্দিন।

১ এপ্ৰিলত জিএমচিএইচৰ পৰীক্ষাত COVID-19 ধৰা পৰা সকল-

  • জাগীৰোডৰ ৫৫ বছৰীয়া মহম্মদ নুৰুদ্দিন।
  • জাগীৰোডৰ ৪৬ বছৰীয়া মহম্মদ জোনাব আলী।
  • জাগীৰোডৰ ৬০ বছৰীয়া হজৰত আলী
  • নলবাৰীৰ ১৯ বছৰীয়া আৰছাদ আলী

১ এপ্ৰিলত যোৰহাট মেডিকেল কলেজ হাস্পতালত কৰা পৰীক্ষাত COVID-19 ধৰা পৰা সকল-

  • ৱাহিদা বেগম (দেৰগাঁও)
  • আনোৱা হুছেইন (দেৰগাঁও)
  • আইদৰ আলী (মৰঙি, গোলাঘাট)
  • য়াকুব আলী (মেৰাপানী)
  • জেচমিনা বেগম (মেৰাপানী)
  • চালেহা বেগম( মেৰাপানী)
  • এলিনা বেগম (মৰঙী, গোলাঘাট)
  • ৰুমা বেগম (মেৰাপানী)

কোৰোনাত আক্ৰান্ত গোৱালপাৰাৰ লোককেইজন-

  • শ্বাহজাহান আলী (গোৱালপাৰা চহৰ)
  • কবিৰ উদ্দিন ৰহমান (গোৱালপাৰা চহৰ)
  • ইউছুফ আলী (বহতি, গোৱালপাৰা)

ইফালে দিল্লীত থকা অসমৰ ৪ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি। তেওঁলোক-

  • বাক্সাৰ মহম্মদ ফাহাৰুদ্দিন
  • বৰপেটাৰ নছকাৰ আলী
  • নগাঁৱৰ মহম্মদ আলী
  • বাক্সাৰ মুস্তাফা আহমেদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in