বিহুৰ আগতেই ২০২১ৰ বিধানসভা নিৰ্বাচন!

বিহুৰ আগতেই ২০২১ৰ বিধানসভা নিৰ্বাচন!

ডিজিটেল ডেস্কঃ বিহুৰ পূৰ্বেই অসমত হব লাগে ২০২১ৰ বিধানসভা নিৰ্বাচন। তিনিদিনীয়া অসম ভ্ৰমণত থকা দেশৰ নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত এই আহ্বান কৰিলে ৰাজ্যৰ সকলো ৰাজনৈতিক দলে। হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হোৱা বৈঠকত বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হোৱা বিষয়টোত সকলোৱে সহমত পোষণ কৰিছে।

উল্লেখ্য যে, ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহিছে নিৰ্বাচনী আয়োগৰ এই দলটো। এই দলোটোত আছে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ লগতে দুগৰাকীকৈ নিৰ্বাচনী আয়ুক্ত।

২০২১ৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলবোৰৰ উপৰিও মুখ্য সচিব, গৃহ সচিবৰ লগতে আৰক্ষী সঞ্চালকৰ সৈতেও বৈঠকত বহিব। অহা ২০ জানুৱাৰীত নিৰ্বাচনী আয়োগৰ দলটোৱে সম্বোধন কৰিব এখন সংবাদমেলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in